হজলৈ গৈ ভয়ংকৰ বিপদত অসমৰ দুজন বিশেষভাৱে সক্ষম ব্যক্তি

Kakali Deka June 04, 2025

ডিজিটেল ডেস্কঃ উমৰা হজ কৰিবলৈ গৈ ভয়ংকৰ বিপদত পৰিল অসমৰ দুজন বিশেষভাৱে সক্ষম ব্যক্তি।

ইয়াৰে এজন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বালাডোবা গাঁৱৰ আবুল হুছেইন।

আনহাতে আন এজন দৰং জিলাৰ বুলি জানিব পৰা গৈছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ জৰিয়তে ব্যক্তি দুজন বিপদত পৰাৰ কথা জানিব পৰা গৈছে।

এটা দালাল চক্ৰই শাৰীৰিকভাৱে অক্ষম ব্যক্তি দুজনক ছৌদি আৰবত ভিক্ষা বৃত্তিত নমাই দিছে বুলি লোক দুজনে উল্লেখ কৰে।

ছৌদি আৰবত গৈ বিপদত পৰা এই লোক দুজনক উদ্ধাৰ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ।

Share This