বৃহস্পতিবাৰে ছিংগাপুৰত জুবিনে গাইছিল শেষ গীত, এৰিক ক্লেপ্টনৰ 'Would you know my name...'

dainik janambhumi September 20, 2025

ডিজিটেল ডেস্ক : বিদেশৰ ভূমিত গীত পৰিৱেশন কৰিবলৈ গৈছিল অসমীয়াৰ মৰমৰ শিল্পীগৰাকী। কিন্তু আনুষ্ঠানিকভাৱে যিখন মঞ্চত তেওঁ গীত গোৱাৰ কথা আছিল সেইখন মঞ্চত তেওঁৰ গীত গোৱা নহ'ল। ইয়াৰ পূর্বেই তেওঁ গুচি গ'ল সকলোকে এৰি অজান দেশলৈ। অৱশ্যে বৃহস্পতিবাৰে সন্ধিয়া ছিংগাপুৰত এটা বিশেষ গীত পৰিৱেশন কৰিছিল জুবিন গার্গে। 

তেওঁ গাইছিল- Would you know my name, If I saw you in Heaven? Would it be the same, If I saw you in Heaven...'। এইটোৱেই আছিল জুবিন গাৰ্গে পৰিৱেশন কৰ শেষৰটো গীত। ইতিমধ্যে সামাজিক মাধ্যমত জুবিনে এই গীতটি পৰিৱেশন কৰি থকা ভিডিঅ'টি ভাইৰেল হৈ পৰিছে। মন কৰিব লগীয়া কথা যে এই গীতটিৰ সৃষ্টিৰ আঁৰটো আছে এক কাহিনী। এই গীতটি ৰচনা কৰিছিল এৰিক ক্লেপ্টনে। ১৯৯১ চনত নিউয়র্কত এক দুর্ঘটনাত মৃত্যু হৈছিল এৰিকৰ কণমানি পুত্র কনোৰ ক্লেপ্টনৰ। এই অপ্রত্যাশিত ঘটনাই পিতৃক জোকাৰি পেলাইছিল। ইয়াৰ পাছতেই তেওঁ ৰচনা কৰিছিল সেই কালজয়ী গীতটি। 

গীতটিৰ জৰিয়তে মৃত পুত্রক দেউতাকে সুধিছিল- 'যদি স্বৰ্গত পুনৰ দেখা হয়, মোক চিনি পাবানে? সেই সম্পৰ্ক আগৰ দৰে থাকিবনে?' এই গীতটোত আশা, বেদনাৰ সৈতে পুত্ৰপ্ৰেমৰ গভীৰ অভিব্যক্তি প্রকাশ কৰিছিল। বিশ্বজুৰি অতি জনপ্রিয় এই গীতটিয়ে লাভ কৰিছিল দুটাকৈ গ্রেমী বঁটা। বিশ্বৰ কোটি কোটি হৃদয়ক স্পর্শ কৰি অহা এই গীতটিকে বৃহস্পতিবাৰে পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। আৰু তাৰ কেইঘণ্টামানৰ পাছতেই কেতিয়াও নহাৰ বাটেৰে গুচি গ'ল জুবিন...

Share This