বিহুৰ পূৰ্বে অসমসহ উত্তৰ-পূবত দবাপিটা বৰষুণৰ সম্ভাৱনা

Kakali Deka April 10, 2025

ডিজিটেল ডেস্কঃ বহাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিন। বিহুৰ আগে আগে বতৰ বিজ্ঞান বিভাগে দিলে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে ৰাজ্যত বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ! হ’ব দবাপিটা বৰষুণৰ লগতে ধুমুহা!

বাপতিসাহোন ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ ইখনৰ পিছত সিখন জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), কাৰ্বি আংলং, গোলাঘাট, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ জিলাত ১০ এপ্ৰিলত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা জিলাত ১১ এপ্ৰিলত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Share This