পৰৱৰ্তী তিনি ঘণ্টাত অসমৰ ১৮খন জিলাত প্ৰবল বৃষ্টিপাতৰ আগজাননী

Kakali Deka May 30, 2025

ডিজিটেল ডেস্কঃ পৰৱৰ্তী তিনি ঘণ্টাত ৰাজ্যত প্ৰবল বৃষ্টিপাত হ'ব বুলি আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। শুকুৰবাৰে নিশা ৭ বজাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী।

পৰৱৰ্তী তিনি ঘণ্টাত এই ১৮খন জিলাত বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড শিলাবৃষ্টি হ’ব। ৰাইজক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে।   

ৰাজ্যত আজি প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে কেন্দ্ৰটোৱে। আজি নিশাপৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, পৰৱৰ্তী তিনি ঘণ্টাত কোন কোন জিলাত মুষলধাৰ বৰষুণ হ'ব জানি লওক-

বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ, কামৰূপ (মেট্ৰ’), কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং।

উক্ত জিলাকেইখনত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ৰাজ্যৰ অন্যান্য কেইবাঠাইতো হ’ব প্ৰচণ্ড বৰষুণ।

Share This