ডিজিটেল ডেস্ক: 'ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা নথকা হ'লে আমাৰ আইৰ মুখৰ ভাষাটো জীয়াই নাথাকিলেহেঁতেন।' কালি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয়ত অনুষ্ঠিত ভাষাৰ ওজা, 'হেমকোষ'ৰ স্রষ্টা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিৱসৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে মন্তব্য আগবঢ়ায়। ড° গোস্বামীয়ে আৰু কয় যে হেমচন্দ্ৰ বৰুৱাৰ অৱদান অবিহনে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম নহ'লহেঁতেন।
হেমচন্দ্র বৰুৱাৰ নামত গীতটি উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে কয় যে আজিৰ তাৰিখত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক পৰিয়ালেহে জীয়াই ৰাখিছে আৰু হেমকোষখনো পৰিয়ালৰ প্ৰচেষ্টাতহে সজীৱ হৈ আছে। হেমকোষ পৰিয়ালে অন্ধ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ব্ৰেইল সংস্কৰণৰ হেমকোষ সর্বোচ্চ কীৰ্তি আৰু হেমচন্দ্ৰ বৰুৱাৰ বাবে সর্বোচ্চ সন্মান বুলি মই অনুমান কৰিছোঁ। লগতে তেওঁৰ নামত যিবোৰ কাৰ্যসূচী আৰু প্ৰতিমূর্তি স্থাপন হৈছে সেয়া পৰিয়ালৰ দ্বাৰা হৈছে। লগতে তেওঁ কয় যে ভাষাৰ ওজাগৰাকীয়ে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰাত যি সর্বোচ্চ ত্যাগ কৰিছিল আৰু সেইগৰাকী ব্যক্তিক অসমীয়া ভাষাই ধ্রুপদী ভাষা মর্যাদা পোৱাৰ পাছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই অৰ্থাৎ মনত নেপেলালে, এয়া এক পৰিতাপৰ আৰু দুখৰ কথাৰ লগতে অসমীয়া জাতিৰ বাবে দুর্ভাগ্যজনক কথা। সেয়েহে হেমচন্দ্র বৰুৱাৰ হেমকোষৰ ১২৫টা বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত হেমচন্দ্ৰ বৰুৱাৰ নামত এটি গীত উছৰ্গা কৰিছে।
আনহাতে, অসম সাহিত্য সভাই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটি পূর্ণাংগ মূর্তি অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত প্রতিষ্ঠা কৰা হ'ব। শীঘ্ৰে এই কাম আৰম্ভ হ'ব। সভাৰ কেন্দ্ৰীয় কার্যালয় সংলগ্ন দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰে কেন্দ্ৰীয় সম্পাদক ড° জ্যোতিৰেখা হাজৰিকাই। অনুষ্ঠানৰ আৰম্ভণিতে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰা হয়। এই অনুষ্ঠানতে ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ কথা আৰু প্রসেনজিৎ লাহনৰ সুৰত প্ৰাণ পাই উঠা 'হেমচন্দ্ৰ বৰুৱা' শীর্ষক গীতটি উন্মোচন কৰা হয়। গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত সভাৰ ধনভঁৰালী মণিৰাম লাহন, সচিব অশোক কুমাৰ সেনাপতি, কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ, সংবাদকর্মীসকল উপস্থিত থাকে।