ডিজিটেল ডেস্ক: অসমীয়া মানুহে কাম নকৰে, অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে, অসমীয়া মানুহৰ বজাৰ দখল কৰাৰ ক্ষমতা নাই আদি অভিযোগ সকলোৱেই কৰি আহিছে আৰু এইবোৰ অভিযোগত একপ্ৰকাৰ জাতিটো অভ্যস্ত হৈ গৈছে।
কিন্তু অসমীয়া মানুহৰ সফলতাৰ চৰ্চা হৈছেনে? এচাম অসমীয়া মানুহে কি ঈর্ষণীয় সফলতা অর্জন কৰি আছে তাকো সৰ্বভাৰতীয় পর্যায়ত, সেই খবৰ কোনোবাই ৰাখিছেনে? শুনিলে আচৰিত হ'ব যে প্রায় ১০ হাজাৰ অসমীয়া মানুহে কপালৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ ফলত অসমৰ তিনিখনকৈ চাহ বাগিচা ক্রমে গটঙা, মক্ৰং আৰু শাল কাঠনি চাহ উৎপাদনত দেশৰ ভিতৰতে প্রথম, তৃতীয় আৰু ষষ্ঠ হিচাপে ক্রমাগতভাবে কেইবাবছৰো চিহ্নিত হৈ আহিছে। তাতোকৈ ডাঙৰ কথা এয়ে যে দেশৰ ভিতৰতে সর্বোৎকৃষ্ট চাহ উৎপাদন কৰি ৰাজ্যৰ লগতে দেশৰ অৰ্থনীতি টনকিয়াল কৰি অহা এই বাগিচাকেইখনৰ মালিক কোনো অনা অসমীয়া নহয় বা বাগিচাকেইখন বহুজাতিক কোম্পানীৰ মালিকানাধীনো নহয়। বৰঞ্চ দেশৰে আগশাৰীৰ উদ্যোগপতি তথা খাটি অসমীয়া হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই প্ৰতিষ্ঠা কৰি যোৱা দেশৰে এই শ্রেষ্ঠ বাগিচাকেইখন পৰিচালনা কৰি আছে ১০জন অসমীয়া বিষয়াই, ৪৫০গৰাকী অসমীয়া কৰ্মচাৰীয়ে আৰু প্রায় ১০ হাজাৰ শ্রমিকে।
প্রয়াত উদ্যোগপতি হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ কোম্পানী বি এণ্ড এ লিমিটেডৰ অধীনৰ আজিৰ তাৰিখতো দেশৰ এই শ্রেষ্ঠ বাগিচাকেইখনে প্রমাণ কৰিছে যে অসমীয়া মানুহো পিছপৰি থকা নাই, মাত্ৰ অসমীয়াৰ সফলতাৰ চৰ্চা কম হয়। হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ সপোনক এক নতুন উচ্চতালৈ লৈ যোৱা বি এণ্ড এ লিমিটেডৰ উপ-পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি দুৱৰাই কয় যে অৱসৰপ্ৰাপ্ত আই এ এছ হিমাংশু প্রসাদ দাসৰ দৰে সম্পূৰ্ণ অসমীয়া মানুহৰে নিয়ন্ত্রিত এই কোম্পানীটোৱে ওড়িশাৰ বালাচোৰত এটা বৃহৎ চাহ পেকেজিং ফেক্টৰীও স্থাপন কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে বছৰি ৫৫ লাখ কিল'গ্রাম চাহ উৎপাদন কৰিবলৈ সক্ষম হোৱা তেওঁলোকৰ বাগিচাৰ উৎপাদিত চাহ ক্রয় কৰে ৱাড বাক্সি, জীৱৰাজৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কোম্পানীয়ে। এই বাগিচাসমূহত নিয়োজিত হৈ থকা অসমীয়া বিষয়াসকলে আনকি সমগ্র চাহ উদ্যোগক মাধমাৰ শোধোৱা বতৰ পৰিৱৰ্তনক প্রত্যাহ্বান জনাই নিজা সৃষ্টিশীলতাৰে বাগিচাসমূহত এনে কিছুমান জৈৱিক পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে, যিবোৰে ক্লাইমেট চেঞ্জক প্রত্যাহ্বান জনাই উৎপাদন অটুট ৰখাত সহায় কৰিছে। ধ্ৰুৱজ্যোতি দুৱৰাই কয় যে কেইজনমান অসমীয়াৰ পৰিশ্ৰমৰ ফচল এই সপোনৰ প্ৰকল্পটোৱে ২০০৭ চনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যদিও ২০১৫-১৬ চনমানৰ পৰাহে প্ৰকৃত সফলতা লাভ কৰিবলৈ সক্ষম হয়। ২০১৫-১৬ চনৰ পৰা আজি পর্যন্ত বি এণ্ড এ লিমিটেডৰ গটঙা, মক্ৰং আৰু শালকাঠনি চাহ বাগিচাই নিৰৱচ্ছিন্নভাবে দেশৰ শ্ৰেষ্ঠ চাহ বাগিচাৰ স্বীকৃতি লাভ কৰি আহিছে।
উল্লেখযোগ্য যে কোম্পানীটোৰ অধীনত অসমৰ বিভিন্ন জিলাত ১১খন চাহ বাগিচা আছে আৰু এই বাগিচাসমূহৰ পৰা প্রত্যক্ষভাৱে প্রায় ৫০ হাজাৰ পৰিয়াল চলি আছে। বিশিষ্ট উদ্যোগী হেমেন্দ্র প্ৰসাদ বৰুৱাই আৰম্ভ কৰি যোৱা অসমীয়াগিৰি এতিয়া আগবঢ়াই নিছে ধ্ৰুৱজ্যোতি দুৱৰাইহে। এয়া ৰাজপথৰ অসমীয়াগিৰি নহয়, এয়া হ'ল বজাৰ দখলৰ সফলতাৰ নীৰৱ অসমীয়াগিৰি।