উচ্চ ন্যায়ালয়ৰ ৰোষত ৰাজ্য চৰকাৰ

dainik janambhumi May 24, 2025

ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষা বিভাগৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি থকা থকা অহেতুক দৰদৰ বাবেই এতিয়া ন্যায়ালয়ৰ ৰোষত পৰিছে ৰাজ্য চৰকাৰ। শিক্ষাৰ অধিকাৰ আইন ৰক্ষাৰ দায়িত্ব ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ নাই নেকি? কেৱল অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহেই শিক্ষাৰ অধিকাৰ আইন মানি চলি বিনামূলীয়া পাঠদানৰ সকলো বোজা মূৰ পাতি ল'ব লাগিব নেকি? এই সকলোখিনি বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 

উল্লেখযোগ্য যে উই ফৰ গুৱাহাটী নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অসমত শিক্ষাৰ ৰূপায়ণৰ বাবে বিশেষকৈ এই আইনৰ ১২ নম্বৰ ধাৰাৰ ১ নং দফাৰ 'গ' উপদফা ৰূপায়ণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন ৰাজহুৱা স্বার্থজড়িত আৱেদন। এই উপদফা অনুসৰি ৰাজ্যৰ সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫ শতাংশ আসন সংৰক্ষণ কৰাটো বাধ্যতামূলক আৰু এইসকল ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদান সম্পূর্ণ বিনামূলীয়া হ'ব লাগে। কিন্তু ৰাজ্যৰ কোনো ইংৰাজী মাধ্যমৰ বিদ্যালয়ে এই আইন মানি নচলাত উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগক ব্যক্তি খণ্ডৰ বিদ্যালয়সমূহৰ সকলো তথ্য উপলব্ধ হোৱাকৈ এটা অনলাইন প'র্টেল প্ৰস্তুত কৰাৰ নিৰ্দেশৰ দিছিল যাতে যাতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে এই প'ৰ্টেলৰ যোগেদি আৱেদন কৰিব পাৰে। 

কিন্তু আশ্চর্যজনক কথা এয়ে যে উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পাছতো শিক্ষা বিভাগে বিগত ৪ বছৰ ধৰি প'ৰ্টেলটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। আংশিকভাৱে সম্পূর্ণ হোৱা এই প'র্টেলটোৰ পৰা শিক্ষা বিভাগে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ কথা কোনো ৰহস্যজনক কৰাণত লুকুৱাই ৰাখি কেৱল অসমীয়া মাধ্যমৰ একাংশ বিদ্যালয়ৰ তথ্যকে সন্নিৱিষ্ট কৰিছে, তাকো অসংখ্য কাৰিকৰী বিসংগতিৰে পৰিপূৰ্ণ। শুকুৰবাৰে অধিবক্তাই ন্যায়ালয়ক এই বিষয়সমূহো বিতংভাৱে জনাইছে।

Share This