অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ! কি কি সিদ্ধান্ত ল'লে ৰাজ্যিক কেবিনেটে ?

Rashmi April 04, 2025

ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ শুকুৰবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক।চিকিৎসা খণ্ডৰ পৰা আৰম্ভ কৰি মথাউৰি কমিটী গঠন কৰালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত উপস্থিত থাকে কেইবাগৰাকীও কেবিনেট মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-

১)ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধ বিতৰণৰ বাবে ১৯০ কোটি টকা স্বাস্থ্য বিভাগক অনুমোদন।

২)ৰাজ্যৰ মথাউৰিসমূহ সুৰক্ষিত তথা নিৰীক্ষণৰ বাবে ঠায়ে ঠায়ে ১০-১৫ জন যুৱকক লৈ গঠন কৰা হ'ব মথাউৰি কমিটী। ৮-১০ কিল’মিটাৰ মথাউৰি চোৱা-চিতা কৰিব এই কমিটীয়ে। মথাউৰি দুৰ্বল হ'লে বা কিবা বিসংগতি থাকিলে লগে লগে বিভাগক জনাব এই কমিটীখনে। ইয়াৰ বাবে তেওঁলোকক টৰ্চ, ৰেইনকোট, জিঅ'বেগ, পাৰ্কিউপাইন আদি যোগান ধৰা হ'ব। স্বেচ্ছাসেৱী হিচাপে তেওঁলোকে কাম কৰিব। বান শেষ হোৱাৰ পাছত তেওঁলোকক মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা-পত্ৰ প্ৰদান কৰা হ'ব।

৩)জাগীৰোডৰ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ বেংগালুৰুত প্ৰশিক্ষণ লৈ থকা ১০০০ গৰাকী যুৱতী উভতি আহিব। যুৱতীসকল থকাৰ বাবে জাগীৰোডত ৱৰ্কিং হোষ্টেল নিৰ্মাণ হ'ব। তাৰ বাবে ১৪২ কোটি টকাৰ অনুমোদন।

৪)অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ। ২ শতাংশ মৰগীয়া বানচ লাভ কৰিব কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। ১ জানুৱাৰী,২০২৫ পৰা লাভ কৰিব এই বানচ।

৫)১ বহাগৰ পৰা চৰকাৰৰ সকলো নিৰ্দেশনা, আইন,জাননীসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ'ব। বৰাক উপত্যকাৰ বাবে বঙালী আৰু বিটিআৰৰ বাবে বড়ো ভাষাত অতিৰিক্তভাৱে প্ৰকাশ কৰা হ'ব। পহিলা বহাগৰ পৰা কাৰ্যকৰী হ'ব এই ব্যৱস্থা। 

৬)ৰাজ্যিক কেবিনেটৰ নতুনকৈ দুখন সংৰক্ষিত বনাঞ্চলত অনুমোদন। 

৭)বিদেশী ন্যায়াধীকৰণত ২৮ হাজাৰ কোচ ৰাজবংশী লোকৰ গোচৰ চলি আছে। যিহেতু কোচ ৰাজবংশীসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী¸ সেয়ে তৎকালীনভাৱে তেওঁলোকৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ কেবিনেটত সিদ্ধান্ত লোৱা হয়।


উৎস: প্ৰাগ নিউজ ডিজিটেল
 

Share This