ব্যক্তিগত ভ্রমণসূচীৰে সপৰিয়ালে নেডাৰলেণ্ডলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

dainik janambhumi April 08, 2025

ডিজিটেল ডেস্ক : ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পৰিয়ালসহ বিদেশ ভ্রমণলৈ ওলাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে নিশা নেদাৰলেণ্ডলৈ ৰাওনা হ'বলগীয়া মুখ্যমন্ত্ৰীগৰাকী অহা ১২ এপ্রিলতহে অসমলৈ ঘূৰি আহিব। 

চৰকাৰী কাৰ্যসূচী নোলোৱাকৈ সম্পূর্ণ ব্যক্তিগত ভ্রমণসূচীৰে নেদাৰলেণ্ডলৈ ওলোৱা মুখ্যমন্ত্রী সোমবাৰে নিশা দিল্লীৰ পৰা উৰা মাৰে। উল্লেখযোগ্য যে ৰাজ্যত অহা দুই আৰু সাত মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই অহা ১২ এপ্রিলত অসমলৈ ঘূৰি অহাৰ এদিনৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়াও সমাপ্ত হ'ব। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি। অৱশ্যে বিহুৰ আগে আগে মুখ্যমন্ত্রী অসমত আহি উপস্থিত হ'বহি।

Share This