তিনি-চাৰিটা সন্তান জন্মৰ বাবে আল্লা বা ভগৱানক দোষ নিদিব : মুখ্যমন্ত্রী

dainik janambhumi September 05, 2025

ডিজিটেল ডেস্কঃ ঢেকীয়াজুলিত সমষ্টিটোৰ ৩৫ হাজাৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চে'ক বিতৰণ কাৰ্যসূচীৰ বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চে'ক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে ৰাজ্যৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ প্রথম দহ হাজাৰ টকাৰ চে'ক বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। বৃহস্পতিবাৰে দিনৰ ১১ বজাত ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত আয়োজিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চে'ক বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাষণত কয় যে মহিলাসকলক সমাজত আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব।

আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিছে আৰু মহিলাসকলৰ উন্নতি আৰু নিৰাপত্তাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আহিছে। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা, অৰুণোদয় আদি আঁচনিয়ে মহিলাসকলক সকাহ দিছে। নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰি বহু ছোৱালীৰ উচ্চ শিক্ষা গ্ৰহণৰ বাট মুকলি হৈছে। অৰুণোদয় আঁচনিয়ে মহিলাসকলক উপকৃত কৰিছে। এতিয়া অসমৰ ৪০ লাখ বাইদেউক লাখপতি বাইদেউ হিচাপে প্রতিষ্ঠিত কৰাৰ ব্যৱস্থা লোৱা লৈছে। এই বাইদেউসকলক প্ৰথম অৱস্থাত ১০ হাজাৰ টকা দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত বেংকৰ সহযোগত ২৫ হাজাৰ আৰু ৫০ হাজাৰ টকা দিয়া হ'ব বুলি ড° শৰ্মাই ঘোষণা কৰে। তদুপৰি তেওঁ কয়- আত্মনিৰ্ভৰশীল হোৱাৰ বাবে বাইদেউসকলৰ হাতত তিনিটা পথ আছে। ইয়াৰ বাবে বাইদেউসকলক এন আৰ এল এমৰ সখী অথবা বিষয়া-কর্মচাৰীসকলে সহযোগ কৰিব বুলি ড° শৰ্মাই ভাষণত উল্লেখ কৰে। মহিলাসকলক অধিক উদ্যমেৰে কাম কৰি যাবলৈ উৎসাহ দিয়ো মুখ্যমন্ত্রী ড° শর্মাই চর্ত দি কয়- জনজাতি মহিলা আৰু চাহ বাগিচাৰ মহিলাসকলে চাৰিটালৈকে সন্তান জন্ম দিব পাৰিব, কিন্তু সাধাৰণ শ্ৰেণীৰ মহিলাসকলে তিনিটাৰ ওপৰত সন্তান জন্ম দিব নোৱাৰিব। সেয়া অতিক্রম হ'লে উদ্যমিতা আঁচনিৰ পৰৱৰ্তী ২৫ হাজাৰ টকা লাভ নকৰিব। সন্তান স্বামী-স্ত্রী দুয়ো মিলি জন্ম দিয়ে। পৰিয়াল পৰিকল্পনা কৰাটো নিজা দায়িত্ব। পাছত তিনি বা চাৰিটা সন্তান জন্মৰ বাবে আল্লা বা ভগৱানক দোষ নিদিব। আজিৰ পৰা নিজৰ স্বামীকো ক'ব যে ইমান সন্তানেই যথেষ্ট। ভাষণত মুখ্যমন্ত্রীয়ে উদ্যমিতা আঁচনিৰ সঠিক ব্যৱহাৰৰ ওপৰতো গুৰুত্ব দিয়ে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰে।

তেওঁ কয়, 'কংগ্ৰেছে মহিলাৰ উন্নতি বিচৰা নাই। কংগ্রেছে মহিলাসকলক আগুৱাই নিয়াৰ চিন্তা কৰা নাছিল। কিন্তু বিজেপি চৰকাৰে মহিলাসকলৰ উন্নতি চিন্তা কৰিছে। মহিলাসকলৰ কাৰণে অৰুণোদয়, নিযুত মইনা, মহিলা উদ্যমিতা আদি আঁচনি গ্রহণ কৰিছে। বাইদেউসকলক আগন্তুক ২০২৬ৰ নিৰ্বাচনত বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায়। কোনো মহিলাৰ স্বামী যদি কংগ্রেছত আছে তেওঁকো বিজেপিৰ পক্ষত আনিবলৈ চেষ্টা কৰিবলৈ মুখ্যমন্ত্রী ড° শর্মাই মহিলাসকলক ভাষণত আহ্বান জনায়। এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৬গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চে'ক বিতৰণ কৰি ঢেকীয়াজুলি সমষ্টিত এই আঁচনি ৰূপায়ণ আৰম্ভকৰে। ইয়াৰ পাছতেই এন আৰ এল এমৰ কৰ্মচাৰী তথা সখী বাইদেউসকলে নির্দিষ্ট স্থানত হিতাধিকাৰীসকলৰ হাতত চে'ক বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণী ভাষণ দিয়া সভাখনত স্থানীয় বিধায়ক তথা মন্ত্রী অশোক সিংহলেও ভাষণ দিয়ে।

অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, বিজেপিৰ জ্যেষ্ঠ নেতা ঋতুবৰণ শৰ্মা, কিশোৰ উপাধ্যায়, পাঠ্যপুথি নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, অগপ নেতা ৰাতুল কুমাৰ নাথ, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মনীষা উপাধ্যায়, পৰ্বতীয়া জিলা পৰিষদ সমষ্টিৰ সদস্যা স্বপ্না বণিয়া, জিলা বিজেপিৰ সভানেত্রী মধুস্মিতা হাজৰিকা ডেকা, ঢেকীয়াজুলি পৌৰ সভাৰ সভানেত্রী সুস্মিতা দাস আদি উপস্থিত থাকে।

Share This