ডিজিটেল ডেস্ক : 'মাদানিৰ সৈতে মোৰ নহয়, লুৰীণজ্যোতিৰহে সম্পর্ক আছে। সেয়েহে মাদানিৰ সুৰতে সুৰ মিলাইছে লুৰীণজ্যোতি গগৈয়ে।' এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বৃহস্পতিবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'বিজেপিৰ সৈতে মাদানিৰ কোনো সম্পর্ক নাই। সম্পর্ক থকা হ'লে মোক গালি নহয় ফুলৰ মালা দিলেহেঁতেন।'
আনহাতে সংখ্যালঘুক সংস্থাপন, নিৰাপত্তা দিব লাগে বুলি মাদানিয়ে কৈ থকা কথাবোৰকে লুৰীণজ্যোতি গগৈয়ে কৈ আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে প্ৰকৃততে কাৰ সৈতে কাৰ সম্পর্ক আছে। ইফালে দহ অক্টোবৰত আঠ-ন হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি জনাই তেওঁ কয় যে প্রতি বছৰে বহুসংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰে। সেয়েহে আমি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাজ্যৰ পৰিৱেশ আগতকৈ ভাল হৈছে। অনাগত দিনত আৰু ভাল কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ হাইস্কুলসমূহক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰা হ'ব বুলিও জনায়। মন কৰিব লগীয়া কথা যে বি টি আৰত বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম বুলিও দৃঢ়তাৰে কয় মুখ্যমন্ত্ৰীয়ে।
বড়োলেণ্ডত বিজেপিৰ অৱস্থা ভাল বুলি জনাই তেওঁ কয় যে বি টি চিত আমি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম। কিন্তু কিমানখন আসন লাভ কৰিম সেয়া এতিয়াই কৈ দিয়াটো টান কাম। ইফালে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে মুখ্যমন্ত্রী ড° শর্মাই পাকিস্তান লিংকৰ বিষয়টোক লৈ তেওঁক সমালোচনা কৰে। ড° শৰ্মাই কয়, 'যাৰ পৰিয়ালৰ তিনিজন সদস্যই বিদেশী তেওঁ আকৌ আমাক জ্ঞান দিবলৈ আহে। যিসকলে কনকলতা বৰুৱাক হত্যা কৰিছিল সেইসকলৰ দেশৰ নাগৰিকত্ব লৈছে আমাৰ লোকজনৰ তিনিজনকৈ সদস্যই। ইয়াতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে।' 'আনহাতে জলজীৱন মিছনৰ ঠিকাদাৰসকলে ধন লাভ নকৰাৰ সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পসমূহৰ পুঁজি অবণ্টন দিয়া নাই। সম্প্রতি প্রকল্পবোৰ কেন্দ্ৰই পৰীক্ষা কৰি আছে।
যিবোৰ প্ৰকল্প নির্দিষ্ট নীতি-নিয়মত ৰূপায়ণ কৰা হৈছে তেওঁলোকে শীঘ্রেই ধন লাভ কৰিব। বাকী যিবোৰ প্ৰকল্পত খেলি-মেলি ধৰা পৰিছে তেনে প্রকল্পত ধন লাভ কৰাত অসুবিধা হ'ব পাৰে। কেন্দ্ৰই সম্প্রতি প্রকল্পবোৰ তৃতীয় পক্ষৰ সৈতে পৰীক্ষা কৰি আছে বুলিও কয় মুখ্যমন্ত্রীয়ে। ইফালে গুৱাহাটীৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত এখন বৈঠকত ঠিকাদাৰসকলক মাৰ্চ মাহৰ ভিতৰত কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'মই আগতেই সকীয়াই দিছিলোঁ। কিন্তু মোৰ কথা নুশুনাৰ বাবে এতিয়া সমস্যাত পৰিছে।'
উল্লেখযোগ্য যে জৱজীৱন মিছনৰ ঠিকাদাৰসকলে কেন্দ্ৰৰ পৰা কেইবা হাজাৰ কোটি টকা পাবলৈ বাকী আছে। এই ধন বিচাৰি আনকি তেওঁলোকে আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে।