ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি শদিয়াৰ চাৰিশাল গোসাঁনীৰ অন্যতম ঐতিহাসিক বুঢ়াবুঢ়ী শালত উপস্থিত হয় ৷ শদিয়া সমজিলাৰ সদৰ চপাখোৱা চহৰৰ পৰা ৭/৮ কিল’মিটাৰ নিলগত বুঢ়াবুঢ়ী দেউৰী গাঁৱত অৱস্থিত পৌৰাণিক এই শালখনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড°শৰ্মাই আজি প্ৰথমে সেৱা লয় আৰু প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পন্ন হোৱা বুঢ়াবুঢ়ী শাল পানী যোগান আঁচনিৰ শুভ উদ্বোধন তথা লোকাৰ্পণ কৰাৰ লগতে প্ৰায় ৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ঐতিহাসিক শালখনৰ উন্নয়ন প্ৰকল্পৰ ভূমিপূজন কৰে ৷
ৰাজ্যৰ পৌৰাণিক আধ্যাত্মিক কেন্দ্ৰসমূহক পৰ্যটন ক্ষেত্ৰলৈ উন্নীতকৰণ কৰাৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশস্বৰূপে শদিয়াৰ এই ঐতিহাসিক তথা অত্যন্ত জাগ্ৰত এই শালখনত এই কেইবাকোটি টকীয়া আঁচনি গ্ৰহণ কৰা বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
এই প্ৰকল্পত বিশেষকৈ পৰম্পৰা অক্ষুণ্ণ ৰাখি শালৰ মূল উপাসনা গৃহভাগৰ কোনোধৰণৰ সালসলনি নকৰাকৈ ভক্তপ্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ শালৰ সেৱা কৰা মূল ভৱনছোৱা প্ৰায় ৪৪৮ বৰ্গ মিটাৰ ঠাইক সামৰি নতুনকৈ নিৰ্মাণ কৰি আধুনিকীকৰণ কৰাৰ লগতে শালখনৰ মূল দ্বাৰ, জিৰণি চ’ৰা, অতিথি গৃহ ইত্যাদি অত্যাধুনিকভাৱে নিৰ্মাণ,শালৰ চৌহদৰ সৌন্দৰ্যবৰ্ধন আৰু দেৱাল নিৰ্মাণ, চপাখোৱা মেডিকেল চাৰিআলিত শালৰ আদৰণী তোৰণ নিৰ্মাণ, শালৰ পূজাৰীসকলৰ বাবে প্ৰায় ৫১ বৰ্গ মিটাৰ ঠাইক সামৰি আৱাস নিৰ্মাণ ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায় ৷
দেশৰ ভিতৰতে অতি প্ৰাচীন এই শালখনৰ সংৰক্ষণৰ লক্ষ্যৰে আন্তঃগাঁথনি উন্নয়নৰ লগতে পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসৱ-পাৰ্বণ পালনৰ ক্ষেত্ৰত যাতে ৰাইজে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু সা-সুবিধা বৃদ্ধি পায়, সেই উদ্দেশ্যে এই প্ৰকল্পটো হাতত লোৱা বুলি ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে