বন্ধ হ’ব হিন্দু-মুছলমানৰ মাটি কিনা-বেচা

Dainik Janambhumi August 05, 2024

ডিজিটেল ডেস্কঃ অনাগত দিনত অসমত হিন্দুৱে মুছলমানৰ পৰা আৰু মুছলমানে হিন্দুৰ পৰা মাটি ক্ৰয় কৰিবলৈ হ’লে মুখ্যমন্ত্ৰীৰ বিশেষ অনুমোদন ল’ব লাগিব৷ মুখ্যমন্ত্ৰীয়ে অনুমোদন জনালেহে হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয় হ’ব পাৰিব৷ ইয়াৰ লগতে অবিভক্ত গোৱালপাৰা জিলাত বিশেষ সম্প্ৰদায়ক মাটি কোনেও বিক্ৰী কৰিব নোৱাৰিব৷ আজি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত এই বৃহৎ ঘোষণা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সম্পৰ্কত অতি শীঘ্ৰেই বিধানসভাত আইন গৃহীত কৰা হ’ব৷

তেওঁ কয় যে পৰৱৰ্তী সময়ত নীলাচল পাহাৰ, নৱগ্ৰহ মন্দিৰ আদিৰ দৰে অঞ্চলসমূহো সংৰক্ষিত এলেকাৰ অন্তৰ্ভুক্ত কৰা হ’ব, কাৰণ বাংলাদেশীৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰিলেও এনেদৰে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব৷ ভৱিষ্যতে অসমৰ মাটিত জন্মগ্ৰহণ কৰা লোকেহে চৰকাৰী চাকৰি লাভ কৰাৰ দৰে আইনো আহি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ইংগিত দি যায়৷ আজিৰ এই বৈঠকত আন এক বৃহৎ ঘোষণা কৰি কয় যে আহি থকা বিধানসভাৰ অধিৱেশনত ‘লাভ জেহাদ’ৰ বিৰুদ্ধেও নতুন আইন গৃহীত কৰ হ’ব আৰু লাভ জিহাদৰ দোষী সাব্যস্ত হোৱা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ব৷

উল্লেখযোগ্য যে ইতিমধ্যেই বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ মাটি কেৱল থলুৱা লোকেহে ক্ৰয় কৰিব পৰা নীতি প্ৰযোজ্য হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে থলুৱা মানে গুৱাহাটী বা আন ঠাইৰ থলুৱা হ’লেও নহ’ব, এই তিনিখন ঠাইৰ থলুৱা লোকেহে বৰপেটা, বটদ্ৰৱা আৰু মাজুলীত মাটি ক্ৰয় কৰিব পাৰিব৷

 

 

 

Share This