২৪ বিঘা ১ কঠা মাটিৰ পৰিৱৰ্তে আছেগৈ মাত্র ১ কঠাহে, বেদখলকাৰীৰ কবলত ঐতিহাসিক কমলপুৰ সত্ৰ

dainik janambhumi February 20, 2026

ডিজিটেল ডেস্ক: অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ সত্ৰসমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ব্যৱস্থা গ্রহণ কৰা বুলি অসম চৰকাৰে বিভিন্ন সময়ত কৈ আহিলেও, ঠাই বিশেষে ইয়াৰ এক ওলোটা ছবিহে দেখা গৈছে। ৰাজ্য চৰকাৰে বিভিন্ন প্রান্তত চৰকাৰী ভূমি আৰু সত্ৰৰ ভূমি বেদখল মুক্ত কৰি চমক সৃষ্টি কৰাৰ সময়তে বেদখলকাৰীৰ কবলত পৰি মৃত্যুৰ ক্ষণ গণিছে বৰপেটা জিলাৰ এখন সত্ৰই। এই সত্রখন হৈছে বৰপেটা জিলাৰ বেতবাৰী পথাৰ গাঁৱত অৱস্থিত ঐতিহাসিক কমলপুৰ সত্ৰ। 

সম্প্রতি সত্ৰখনৰ অস্তিত্ব বুলিবলৈ কেৱল এজোপা গছহে থিয় হৈ আছে। সত্ৰখনৰ সাম্প্রতিক অৱস্থাত গভীৰ উদ্বেগ প্রকাশ কৰিছে বৰপেটা জিলা সত্ৰ সমন্বয়ৰক্ষী সমিতিয়ে। 

উল্লেখযোগ্য যে মহাপুৰুষ মাধৱদেৱৰ প্রিয় শিষ্য তথা ধর্মাচার্য গোপালদেৱৰ আজ্ঞাপৰ আতাপুৰুষ বৰযদুমণিদেৱে কোচৰজা নৰনাৰায়ণৰ পৰা ২৪ বিঘা এক কঠা ভূমি দানসূত্রে গ্রহণ কৰি বৰ্তমান বৰপেটা জিলাৰ বৰপেটা ৰাজহ চক্ৰৰ বেতবাৰী মৌজাৰ অন্তৰ্গত বেতবাৰী পথাৰ গাঁৱত কমলপুৰ নামেৰে এখন সত্ৰ স্থাপন কৰিছিল। 

১৫ খ্ৰীঃৰ শেষৰ ফালে স্থাপন কৰা সত্ৰখনৰ জৰিয়তে আতাপুৰুষ বৰযদুমণিদেৱে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰিছিল। কালি বৰপেটা জিলা সত্র সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক অমিতাভ পাঠকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে কয় যে যদিও ২৪ বিঘা ১ কঠা মাটিত কমলপুৰ সত্ৰ স্থাপন কৰা হৈছিল, বর্তমান সত্ৰখনৰ অধিকাংশই ভূমি পূর্ববংগীয় মুছলমানে বেদখল কৰি আছে। 

সত্ৰখনৰ নামত মাত্র এজোপা গছ ১ কঠা মাটিত আছে বুলি উল্লেখ কৰি সত্ৰ সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে মাজে-সময়ে মানুহে গছজোপাৰ তলতে নাম-কীর্তন কৰি আহিছে। কমলপুৰ সত্ৰখনৰ অৱস্থাই অসমৰ একাংশ সত্ৰৰ হতাশজনক অৱস্থাক প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰে সত্ৰ সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। অতি সোনকালে এই ২৪ বিঘা ১ কঠা ভূমি বেদখল মুক্ত কৰাৰ লগতে সত্ৰখনৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সত্রখন নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে অসম চৰকাৰক বৰপেটা জিলা সত্ৰ সমন্বয়ৰক্ষী সমিতিয়ে দাবী জনাইছে।

Share This