আজি আহিব গৃহ মন্ত্রী অমিত শ্বাহ, ডিব্ৰুগড়ত আধাৰশিলা স্থাপন কৰিব ৰাজ্যৰ দ্বিতীয় বিধানসভাৰ

dainik janambhumi January 29, 2026

ডিজিটেল ডেস্ক : নির্বাচনী ৰণডংকা বজাবলৈ আজি অসমলৈ আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। দুদিনীয়া ভ্রমণসূচীৰে আজি নিশা প্রায় ন বজাত এখন বিশেষ বিমানযোগে ডিব্ৰুগড়স্থিত মোহনবাৰী বিমান বন্দৰত উপস্থিত হ'বলগীয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে নিশাটো ডিব্রুগড়তে কটাব। শুকুৰবাৰে পুৱা তেওঁ ডিব্ৰুগড়ত নিৰ্মাণ কৰিবলগীয়া অসমৰ দ্বিতীয়টো বিধানসভা চৌহদৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নৱনিৰ্মিত খনিকৰ ষ্টেডিয়ামখনো মুকলি কৰিব। ইয়াৰ উপৰি তেওঁ চাবুৱাত স্থাপন কৰিবলগীয়া বন্যপ্রাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাস কৰিব। ডিব্ৰুগড়ৰ কাৰ্যসূচী সমাপ্ত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী ৰাওনা হ'ব ধেমাজিলৈ। 

ধেমাজিত তেওঁ দশম মিচিং যুৱ মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীলৈ আহি বিয়লি প্রায় চাৰি বজাত বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কার্যালয়ত আয়োজিত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে এখন বৈঠকত অংশ ল'ব। উক্ত বৈঠকত তেওঁ অনাগত বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে কিদৰে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব পাৰি সেই সন্দৰ্ভতো ৰাজ্যিক বিজেপিৰ নেতাসকলক মন্ত্রণা দিব। 

দলীয় সূত্ৰৰ মতে, সেইদিনাই গুৱাহাটীত কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীয়ে অগপ আৰু বি পি এফৰ সৈতে কৰিবলগীয়া মিত্ৰতাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব। উল্লেখযোগ্য যে নির্বাচনলৈ মাজত মাত্র দুটা মাহ বাকী থকাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্রমণ বিশেষ লক্ষণীয় হৈ পৰিছে। নিৰ্বাচনী প্ৰচাৰ সভাৰ দৰেই হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সভাসমূহ।

Share This