আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, সৰ্বমুঠ পৰীক্ষাৰ্থী ৭,৬৯,২০৯

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক : হাইস্কুলীয়া শিক্ষাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ডেওনা হিচাপে পৰিগণিত হৈ অহা হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰে পৰা আৰম্ভ হয়। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ এদিন পাছতে আন এক গুৰুত্বপূৰ্ণ ডেওনা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। উল্লেখযোগ্য যে আজিৰে পৰা ৰাজ্যত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হয়। এইবাৰ ৰাজ্যৰ মুঠ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,৩৮,৫৬৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইয়াৰ ভিতৰত ১,৯০,২৪৩জন ছাত্ৰ আৰু ২,৪৮,৩২২গৰাকী ছাত্রী। কালি এই তথ্য সদৰী কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে। পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে মুঠ ৪৫টা মূল্যায়ন মণ্ডলত উত্তৰবহীসমূহ মূল্যায়ন কৰা হ'ব বুলি তেওঁ প্রকাশ কৰে। 


উল্লেখযোগ্য যে আজি আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ জৈনে প্রকাশ কৰে যে এইবাৰ পৰীক্ষাৰ প্ৰশ্নকাকতত সামান্য সালসলনি কৰা হৈছে। যোৱা বছৰলৈকে প্রশ্নকাকতৰ প্ৰতিটো প্রশ্নত একেলগে পাঁচটা ভাষাত প্ৰকাশ কৰা হৈছিল। অর্থাৎ, প্রতিটো প্রশ্নই পাঁচবাৰ, পাঁচটা ভাষাত প্রকাশ হৈছিল। এইবাৰ এই প্ৰক্ৰিয়াত সালসলনি কৰি প্ৰতিটো ভাষাৰ বাবে পৃথক প্রশ্নকাকত প্ৰস্তুত কৰা বুলি তেওঁ প্রকাশ কৰে। এইবছৰ পৰীক্ষা কেন্দ্ৰও ১৩৪টা বৃদ্ধি কৰা বুলি তেওঁ সদৰী কৰে। আনহাতে, ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত এইবাৰ মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮২১টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত কলা শাখাত ২,৪৭,৮৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত ১,০২,৬৪৮জন ছাত্ৰ আৰু ১,৪৫,২১৬গৰাকী ছাত্রী। আনহাতে, কলা শাখাত এজন তৃতীয় লিংগৰ পৰীক্ষাৰ্থীও অৱতীৰ্ণ হ'ব। ইপিনে বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত ৩৪,৮০১ জন ছাত্র, ২৬,৭৬৬গৰাকী ছাত্ৰী আৰু এগৰাকী তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছে। বাণিজ্য শাখাত এইবাৰ মুঠ ১৯,৮০৬গৰাকী পৰীক্ষার্থী অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত ১৩,৭৮২জন ছাত্ৰ আৰু ৬,০২৪গৰাকী ছাত্রী। আনহাতে, বৃত্তিমুখী শাখাত অৱতীৰ্ণ হ'ব মুঠ ১,৫০৫ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ ভিতৰত ৮৮৭জন ছাত্ৰ আৰু ৬১৮গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে মুঠ ৪৮টা মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি জৈনে সদৰী কৰে। অহা ১১ ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অহা ১৬ মাৰ্চত অন্ত পৰিব। 

লক্ষণীয় যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬৫টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে। ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মার্চলৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কালি অধ্যক্ষ আৰ চি জৈনে সংবাদ মাধ্যমত প্রকাশ কৰে যে দুয়োটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবৰ বাবে যাৱতীয় সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে। সকলো পৰীক্ষা কেন্দ্ৰলৈ প্রশ্নকাকতসমূহো প্ৰেৰণ কৰা হৈছে। প্রশ্নকাকত ফাদিল কৰিব নোৱৰাৰ বাবে যাৱতীয় সকলো সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও তেওঁ প্রকাশ কৰে। আনহাতে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকতত কোনো সালসলনি কৰা হোৱা নাই বুলি সদৰী কৰি আৰ চি জৈনে কয় যে প্রশ্নকাকতৰ পেটার্ন যোৱা বছৰৰ দৰে একেই থাকিব। যি সামান্য সালসলনি কৰা হৈছে সেয়া ইউনিট টেষ্ট আৰু ছমহীয়া পৰীক্ষা আদিত সেই নতুন পদ্ধতি ব্যৱহাৰ কৰা হৈছে। গতিকে পৰীক্ষাৰ্থীসকল ইতিমধ্যে সেই পদ্ধতিত অভ্যস্ত হৈ পৰিছে। আনহাতে, এইবাৰ সকলো পৰীক্ষা কেন্দ্ৰ চৰকাৰী শিক্ষানুষ্ঠানত স্থাপন কৰা হৈছে। আনকি পৰীক্ষা কেন্দ্ৰৰ দায়িত্ব প্রদান কৰা শিক্ষকসকলো চৰকাৰী নিযুক্তিপ্রাপ্ত শিক্ষক-শিক্ষয়িত্রী। এইবাৰ বেচৰকাৰী শিক্ষানুষ্ঠান আৰু তেনে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক পৰীক্ষাৰ দায়িত্ব অর্পণ কৰা হোৱা নাই বুলিও তেওঁ সদৰী কৰে। আনহাতে, প্রতিটো পৰীক্ষা কেন্দ্ৰত চি চি টিভি কেমেৰা লগোৱাটো বাধ্যতামূলক কৰা হৈছে।

Share This