সুবিশাল ৰ'ড শ্ব'! লক্ষাধিক লোকে আদৰিলে প্রধানমন্ত্রীক

dainik janambhumi December 21, 2025

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসম ভ্ৰমণৰ প্ৰথম দিনটোত এক বিশাল ৰ'ড শ্ব'ত অংশগ্রহণ কৰে। প্ৰকৃততে ৰ'ড শ্ব'টো সৰুসজাই ষ্টেডিয়ামৰ পৰা বশিষ্ঠত থকা বাজপেয়ী ভৱনলৈ আছিল যদিও বিমান বন্দৰৰ পৰা সৰুসজাইলৈ আহি থকা প্রধানমন্ত্রীজনক সমগ্র পথছোৱাতে লাখ লাখ জনতাই অভিবাদন জনায়। ৰাষ্ট্ৰীয় পতাকা, প্রধানমন্ত্রীজনৰ ফটোসম্বলিত প'ষ্টাৰেৰে নৰেন্দ্ৰ মোদী জিন্দাবাদ, ভাৰত মাতা কী জয় ধ্বনিৰে অভিবাদন জনোৱা লাখ লাখ জনতাক প্রধানমন্ত্রীজনেও তেওঁ ক'লা ৰঙৰ বাহনৰ পৰা হাত দাঙি প্রতিঅভিবাদন জনায়। 

২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এই ৰ'ড শ্ব'ৰ যোগে বিজেপি দলে নিজৰ বিশাল শক্তি প্রদর্শন কৰে। কেৱল সৰুসজাই ষ্টেডিয়ামতে প্ৰধানমন্ত্ৰীজনক আদৰণি জনাবলৈ সাজু হৈ আছিল ১ লক্ষাধিক দলীয় কর্মী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ায়ো নিজা বাহনেৰে এই ৰ'ড শ্ব'ত অংশগ্ৰহণ কৰে। 

তাৎপর্যপূর্ণ কথা এয়ে যে প্রধানমন্ত্রীজনৰ ৰ'ড শ্ব'ক অভিবাদন জনাবলৈ সাজু হৈ থকা গাৰো, ৰাভা, কাৰ্বি, ডিমাচা, বড়ো, চাহ সম্প্ৰদায়ৰ জনগোষ্ঠীৰ লগতে অন্যান্য সম্প্ৰদায়ৰ অগণন লোকে জাতীয় সাজপাৰ পৰিধান কৰি নিজ নিজ জনগোষ্ঠীৰ নৃত্য-গীতেৰে প্ৰধানমন্ত্ৰীজনক আদৰে। বিমানবন্দৰতো জনজাতীয় সাজপাৰেৰে, নৃত্য-গীতেৰে তেওঁক অভিবাদন জনোৱা হয়। আনহাতে, ৰ'ড শ্ব' অন্ত পৰা বাজপেয়ী ভৱনতো প্রধানমন্ত্রীজনক ওচৰৰ পৰা চাবলৈ হাজাৰ হাজাৰ লোক সমৱেত হৈছিল।

Share This