ডিজিটেল ডেস্ক : দৰং জিলাৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ পূবত গাতে লাগি থকা ৰৌমাৰী পঞ্চায়তৰ চাপৰিত অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰি ৰঙালাও খেতি কৰিবলৈ গৈ অঞ্চলটোৰ শতাধিক কৃষক যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। অঞ্চলটোৰ গৰুখুঁটি, কানিয়াটাৰী, ঘাটৰ আগ্, বৰাচুবা, দেবানন্দ, সাতখলি আদি গাঁৱৰ কৃষক ৰাইজে ই ডব্লিউ ১৩৭ এফ১ প্রজাতিৰ অধিক উৎপাদনক্ষম বীজ ক্ৰয় কৰি পূৰ্বৰ দৰে এইবাৰো ১০/১২ হাজাৰ বিঘা মাটিত ৰঙালাও খেতি কৰে।
কিন্তু উৎপাদন পূৰ্বৰ তুলনাত গড়ে ১০/১২ শতাংশহে লাভ কৰে। কৃষি বিভাগৰ ৰাজ্যিক বঁটাপ্ৰাপক দেবানন্দ গাঁৱৰ প্ৰগতিশীল কৃষক গোবিন্দ ডেকাই জনোৱা মতে, যোৱা বছৰ প্ৰতি বিঘাত গড়ে ৩৫ ৰ পৰা ৪০ কুইন্টল উৎপাদন লাভ কৰি অঞ্চলটোৰ মানসম্পন্ন ৰঙালাওৱে অসম, পশ্চিমবংগকে ধৰি চুবুৰীয়া ৰাজ্যৰ বজাৰ দখল কৰিছিল। বিঘাই প্রতি ২০/২৫ হাজাৰপৰ্যন্ত কেৱল লাভ উপাৰ্জন কৰিছিল যাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়াযোগে অঞ্চলটোৰ ৰঙালাও খেতিৰ উচ্চ প্রশংসা কৰি নৱপ্ৰজন্মক উৎসাহিত কৰিছিল। সেই একে অঞ্চলত এই বছৰ ৰঙালাওৰ উৎপাদন ৫/৬ কুইণ্টললৈকে হ্রাস পাইছে। খেতিৰ পৰা কৃষকসকল সেয়ে লাভৱান হোৱা দূৰৰ কথা, লোকচানৰহে সন্মুখীন হৈছে। কৃষক গোবিন্দ ডেকাৰ সুৰত সুৰ মিলাই দুর্দশাৰ কথা বৰ্ণনা কৰে কানিয়াটাৰী গাঁৱৰ কৃষক ক্ৰমে ৰাতুল বৰা, পংকজ মেধি, সুনেন্দ ডেকা, মন্টু ডেকা, মইনুদ্দিন আলী, চোমেশ আলী আদিয়ে।
তেওঁলোকে লগতে কয় যে শস্য চপোৱাৰ কেইবা সপ্তাহ সময় উকলি যোৱাৰ পাছতো এইবাৰ বজাৰৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে। কৃষক ৰাইজে বিষয়টো স্থানীয় কৃষি বিভাগক অৱগত কৰাত কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াই শেহতীয়াকৈ অঞ্চলটোৰ ৰঙালাও খেতি পৰিদৰ্শন কৰি বীজ আৰু মাটিৰ নমুনা সংগ্ৰহ কৰি গুণাগুণ নিৰ্ণয়ৰ বাবে ৰাজ্যিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰে। এই পর্যন্ত তাৰ ফলাফল কৃষকসকলক অৱগত কৰা নাই। ইফালে বীজ, সাৰ বা কৃষিৰ বাবে প্রয়োজনীয় সা-সামগ্ৰী ক্ৰয়ৰ সময়ত দৰঙৰ সাধাৰণ কৃষকসকল প্ৰায়ে ঠগ-প্ৰৱঞ্চনাৰ সন্মুখীন হৈ অহা বুলি কৃষকসকলে অভিযোগ কৰিছে। এই ক্ষেত্ৰত কৃষি বিভাগ আৰু প্ৰশাসনৰ প্রয়োজনীয় নিৰীক্ষণৰ দুৰ্বলতাৰ অসাধু ব্যৱসায়ীসকলে সুযোগ লোৱাৰ অভিযোগ কৰি একাংশ কৃষকে এনে অসাধু চক্রক শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।