অসমৰ সমাজ-সংস্কৃতিৰ বাবে অপূৰণীয় ক্ষতি, জুবিনৰ মৃত্যুত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী, মাজুলীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত উচুপি উঠিল শ শ লোক

dainik janambhumi September 20, 2025

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্র দেশৰ লগতে মাজুলীতো গভীৰ শোকৰ ছাঁ পৰিছে। শিল্পীগৰাকীৰ মৃত্যুত আউনীআটী সত্ৰৰ অধিকাৰ, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, ডি লিট সন্মান প্রাপক ড° পীতাম্বৰ দেৱ গোস্বামীয়ে গভীৰ শোক ব্যক্ত কৰিছে। দৈনিক জনমভূমিক হার্টথ্রৱগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰি সত্ৰাধিকাৰগৰাকীয়ে কয় যে জুবিন গাৰ্গ অসমৰ সংগীত জগতৰ উজ্জ্বল ভোটাতৰাস্বৰূপ। যিগৰাকীয়ে গান গাইছে, কিন্তু আনতকৈ ব্যতিক্রম। আনে এটা বা দুটা দিশত গাইছে, কিন্তু জুবিন গার্গে এনে এটা অসমৰ সংগীতৰ দিশ নাই য'ত তেওঁ গীত গোৱা নাই। টোকাৰী গীত গাইছে, দিহানাম গাইছে, বিহু গীত গাইছে, আধুনিক গীত গাইছে, বৰগীত গাইছে, হোলী গীত গাইছে সমস্ত অসমৰ আমি যিখন সংগীত জগতৰ কথা কওঁ, গোটেই সংগীত জগতৰ গীতসমূহ গোৱা মানুহজনেই আছিল জুবিন গাৰ্গ। 

তেওঁ আৰু কয় যে কোনোবাই হয়তো এটা দিশত দখল নাথাকিলে আন এটা দিশত গাব পাৰে। কিন্তু তাত সুৰ দিলেও ৰূপটো নাহে। কিন্তু জুবিনে যিটো দিশতেই গায়, সেইটো গীতেই সুললিত হৈ পৰে, সুশ্রাব্য হৈ পৰে। বৰগীত, টোকাৰী গীত, দিহানাম সকলোবোৰ গীতেই গাই শিল্পীগৰাকীয়ে অনন্য প্ৰতিভাৰ পৰিচয় দি গ'ল বুলি উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে শিল্পীগৰাকীৰে থকা সান্নিধ্যৰ কথা সুঁৱৰি কয় যে শিল্পীগৰাকীৰে আমাৰ বাৰ্তালাপ মাজে সময়ে হৈ থাকে। আউনীআটী সত্ৰৰ ২০১০ চনৰ নাম সমাৰোহত শিল্পীগৰাকীয়ে ধুতি-পাঞ্জাবী পৰিধান কৰি নীতিনিষ্ঠ হৈশুন সুৰে ৰে বৰগীত আৰু যমুনাৰ পাৰতে আৰু আউনীআটী মহাসত্ৰৰ শীর্ষক দিহানাম পৰিৱেশন কৰাৰ কথা তেওঁ সুঁৱৰি আৱেগিক হৈ পৰে। 

ইয়াৰ উপৰি শিল্পীগৰাকীক সত্ৰাধিকাৰগৰাকীয়ে আমেৰিকাত নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ কালৰ লগতে আউনীআটী সত্ৰৰ অসম ভাওনা সমাৰোহতো ওচৰৰ পৰা পোৱাৰ স্মৃতি সোঁৱৰণ কৰে। তেওঁ শিল্পীগৰাকীৰ মৃত্যুত দুখ অনুভৱ কৰি অসমৰ সমাজ-সংস্কৃতিৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। তেওঁ লগতে অসমৰ সংগীত জগতৰ পাৰদৰ্শী লোকজনক অকালতে হেৰুৱাই পুনৰবাৰ অত্যন্ত দুখ অনুভৱ কৰিছোঁ বুলি উল্লেখ কৰি অসমৰ সমাজ জীৱনৰ কাৰণেই নহয়, গোটেই সংগীত ধাৰাটোৰ এটা ডাঙৰ ক্ষতি হৈছে বুলি তেওঁ অনুভৱ ব্যক্ত কৰে।

Share This