গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড; স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

Nikimoni Kachari February 20, 2026

ডিজিটেল ডেস্ক: গোৱালপাৰাৰ সিধাবাৰীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যা কৰিলে স্বামীয়ে। আৰক্ষীক হত্যাকাৰী স্বামীয়ে দিলে স্বাকাৰোক্তি। 

ৰমজান মাহৰ দ্বিতীয় নিশা সিধাবাৰী ২য় খণ্ডত সংঘটিত এই জঘন্য হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সিধাবাৰীৰ কমলা খাতুনক স্বামী আব্দুৰ ৰহমানে হত্যা কৰাৰ অভিযোগ। 

নিশা পতি-পত্নীৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল আৰু এই কাজিয়াই  ভয়ংকৰ ৰূপ লৈছিল। ফলত আব্দুৰ ৰহমানে পত্নীক ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ স্থানীয় লোকৰ। নিশাৰ ভাগতে পৰিয়ালৰ লোকে কমলাক মাতিবলৈ গৈ কমলাৰ মৃতদেহ উদ্ধাৰ কৰে। 

ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃহদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে কমলাৰ স্বামী আব্দুৰক গ্ৰেপ্তাৰ কৰিছে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This