পঞ্চায়ত কার্যালয়ত নিষিদ্ধ হ'ব নির্বাচিত মহিলা সদস্যৰ স্বামী

dainik janambhumi May 19, 2025

ডিজিটেল ডেস্ক : 'দেশ এখনৰ প্রকৃত উন্নয়ন হ'বলৈ হ'লে গ্রামাঞ্চলৰ উন্নয়ন হ'বই লাগিব আৰু ইয়াৰ বাবে পূৰ্বতকৈ এইবাৰ পঞ্চায়তসমূহক অধিক ক্ষমতা প্রদান কৰা হৈছে।' এই মন্তব্য পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। সদ্যঘোষিত পঞ্চায়ত নির্বাচনত বিজয় সাব্যস্ত কৰা বজালী জিলাৰ অন্তর্গত ২৬ নং বজালী বিধানসভা সমষ্টি আৰু ২২নং ভৱানীপুৰ-সৰভোেগ সমষ্টিৰ ২৭খন গাঁও পঞ্চায়তৰ মুঠ ২৭০ গৰাকী ৱাৰ্ড সদস্যক দেওবাৰে মন্ত্ৰীগৰাকীয়ে তেওঁৰ বজালীৰ বিৰবিৰাস্থিত বাসগৃহত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। বিজয়ী সদস্যসকলক উদ্দেশ্যি ভাষণত প্ৰতিগৰাকী ৱাৰ্ড সদস্যকে আগন্তুক দিনত গ্রাম্য জনজীৱনৰ বাবে সমর্পিত মনোভাবেৰে ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। 

উল্লেখযোগ্য যে বজালী জিলাৰ অন্তৰ্গত ২৬ নং বজালী সমষ্টিৰ অন্তৰ্গত ২০ খন পঞ্চায়তৰ আৰু ২১ নং ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ৭ খন পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যসকল উপস্থিত থকা সভাত আগত ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত পর্যায়ক্রমে গাঁও পঞ্চায়ত গঠন কৰা হ'ব আৰু প্ৰতিখন পঞ্চায়তৰে নির্বাচিত ৱাৰ্ড সদস্যসকলৰ ভিতৰত শিক্ষাগত অৰ্হতাকে ধৰি যোগ্য সদস্য গৰাকীকহে সভাপতি আৰু উপ-সভাপতি হিচাপে নিৰ্বাচন কৰা হ'ব বুলি মন্ত্রী দাসে মন্তব্য কৰে। বজালীৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, বজালী ৰাজহ চক্ৰ বিষয়া চন্দন বেজবৰুৱা, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি পদ্ম শৰ্মা, ভাৰপ্ৰাপ্ত সভানেত্রী সবিতা ৰয়, উপ সভাপতি সুৰজিৎ পাটগিৰী, সম্পাদক চম্পক কাকতী, মুকুট ৰয় আদিকে ধৰি বিজেপি-অগপ মিত্ৰজোঁটৰ নেতা-কর্মীসকল উপস্থিত থকা অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাতত মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ দৰে এইবাৰ পঞ্চায়তৰ কাৰ্যালয়ত নির্বাচিত মহিলা সদস্যসকলৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ বাবে বিভাগীয়ভাৱে শীঘ্ৰে এক কঠোৰ নিৰ্দেশনা জাৰি কৰা হ'ব। কাৰণ মই লক্ষ্য কৰি আহিছোঁ একাংশ লোকে পঞ্চায়ত আৰু ব্লকত দীর্ঘদিনৰে পৰা সোমাই ব্যৱস্থাটোকে একপ্ৰকাৰ কলুষিত কৰি তুলিছে আৰু এখন পঞ্চায়তত এগৰাকী মহিলা প্ৰাৰ্থীক ৰাইজে প্রত্যাখ্যান কৰিছে একমাত্ৰ তেওঁৰ স্বামীয়ে পঞ্চায়ত, ব্লকত সদায়ে অহা- যোৱা কৰি থকাৰ বাবে। গতিকে এইবাৰ আমি এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিম। 

সভাপতি নির্বাচনক লৈ ছ'চিয়েল মিডিয়াত বজালীৰ একাংশ ৱাৰ্ড সদস্যই বৃহৎ পৰিমাণৰ টকাৰে সদস্য কিনা-বেচা কৰাৰ চৰ্চা চলি থকাৰ কথা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে সভাপতি, উপ সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত যোগ্য গৰাকীয়েহে প্রাধান্য পাব আৰু যদিহে কোনোবাই টকাৰে সদস্য কিনা-বেচা কৰিবলৈ চেষ্টা কৰি আছে, তেনে সদস্যৰ প্ৰমাণ পালে তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব বুলিও একপ্ৰকাৰ সকীয়নি দিয়ে।

Share This