চাহ বাগিচাৰ মালিকক মুখ্যমন্ত্ৰী ড° শৰ্মাৰ কঠোৰ সকীয়নি, মাটিৰ পট্টা প্ৰদানত সহযোগ নকৰিলে কর্তন হ'ব আর্থিক সা-সুবিধা

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক: চাহ শ্রমিকক মাটিৰ পট্টা প্ৰদানৰ বাবে বিধানসভাই অনুমোদন জনোৱাৰ পাছত ৰাজ্য চৰকাৰক ধন্যবাদ জনাই বাগিচাই বাগিচাই বিজয়োৎসৱ উদযাপন হৈছিল যদিও ৰাজ্য চৰকাৰে সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত থমকিবলগীয়া হৈছে। 

কালি বছৰৰ প্রথম দিনটোত ৫ বছৰীয়া কাৰ্যকালৰ সফল খতিয়ান দাঙি ধৰাৰ লগতে নতুন দিনৰ সংকল্পৰ কথা উল্লেখ কৰে যদিও ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বাগিচাৰ মালিকসকলক দিবলগীয়া হ'ল কঠোৰ সকীয়নি। চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টা দিবলৈ বিধানসভাই বিধেয়ক গৃহীত কৰিছে। এই বিধেয়কত ৰাজ্যপালে ইতিমধ্যে স্বাক্ষৰো কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কিন্তু বাগিচাৰ মালিকসকলৰ পৰা এইক্ষেত্ৰত সহযোগ পোৱা নাই। 

৩.৩৩ লাখ চাহ শ্রমিকক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্রুতি দিয়া হৈছে। যদি মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত মালিকসকলে সহযোগ নকৰে তেন্তে ৰাজ্য চৰকাৰৰ তেওঁলোকৰ লগত থকা সম্পৰ্ক পুনৰ বিবেচনা কৰিবলৈ বাধ্য হ'ব বুলি মুখ্যমন্ত্রী ড° শর্মাই সকীয়াই দিয়ে। তেওঁ কয় যে চাহ বাগিচাৰ মালিকসকলক যি আর্থিক সা-সুবিধা দি থকা হৈছে সেই সকলোবোৰ প্ৰত্যাহাৰ কৰা হ'ব। ৰাজ্য চৰকাৰে বিভিন্নপ্ৰকাৰে বাগিচাৰ মালিকসকলক বছৰত প্ৰায় ডেৰশ কোটি টকাৰ আৰ্থিক সা-সুবিধা দি আহিছে। এই সকলোবোৰ প্ৰত্যাহাৰ কৰাৰ লগতে সম্পৰ্কৰ বিষয়টো পুনৰ বিবেচনা কৰা হ'ব কাৰণ ২০০ বছৰ বাস কৰাৰ পাছত শ্রমিকে মাটিৰ অধিকাৰ পাব লাগে। বাগিচাৰ মালিকসকলে এইক্ষেত্রত যাতে হস্তক্ষেপ নকৰে বুলিও মুখ্যমন্ত্রীয়ে কয়।

Share This