খোৱাপানীৰ সমস্যা থাকিলে কিউ আৰ ক’ড স্কেন কৰিয়ে অভিযোগ দিব পাৰিব

Kakali Deka August 18, 2023

ডিজিটেল ডেস্কঃ  ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জলজীৱন মিছনৰ অন্তৰ্গত খোৱাপানী আঁচনিসমূহৰ সন্দৰ্ভত সততে ওলোৱা অভিযোগসমূহ সমাধানৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ কিউ আৰ ক’ডৰ জৰিয়তে অভিযোগ দাখিল আৰু সমাধানৰ ব্যৱস্থা কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে৷ আজি যোৰহাটত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে কোনো উপভোক্তাই পানীৰ সমস্যাৰ সম্পৰ্কত অভিযোগ দিব বিচাৰিলে কিউ আৰ ক’ডটো স্কেন কৰি এই অভিযোগ দাখিল কৰিব পাৰিব৷ পানী যোগান আঁচনিখনতে এই কিউ আৰ ক’ডটো লগোৱা থাকিব৷ ক’ডটো স্কেন কৰিলে আঁচনিখনৰ সন্দৰ্ভত সবিশেষ বিৱৰণ ওলাই পৰিব৷ ইয়াৰ জৰিয়তে পানীৰ সমস্যাৰ অভিযোগ দাখিল কৰিব পাৰিব৷ উপভোক্তাজনৰ অভিযোগটো নিৰ্দিষ্ট বিষয়াগৰাকীৰ ওচৰলৈকে যাব আৰু অভিযোগ নিষ্পত্তি নোহোৱা পৰ্যন্ত ই ওলাই থাকিব৷ কালি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ দাখিলৰ ব্যৱস্থাটো মুকলি কৰে৷ সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাট নগৰৰ খোৱা পানী যোগান আঁচনিৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে ১০০ কোটি টকাৰ আঁচনি ঘোষণা কৰিছে৷ কিন্তু আঁচনিখনৰ ডি পি আৰ প্ৰস্তুত কৰাত ইয়াৰ ব্যয় ১৩০ কোটি লৈ বৃদ্ধি পালে৷ আমি এই আঁচনিখন আগবঢ়াই লৈ যাম৷ ইফালে যোৰহাটৰ গ্ৰামাঞ্চলত খোৱা পানী যোগানৰ বাবে নিৰ্মাণৰত নীৰ নিৰ্মল পৰিযোজনা আঁচনিখনৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটোৰ কাম লেহেমীয়া গতিৰে হৈছে৷ যোৱা বছৰ নৱেম্বৰ মাহত আহোঁতে প্ৰকল্পটো নিৰ্ধাৰিতভাৱে কাম কৰিবলৈ দায়িত্ব দিয়া হৈছিল৷ কিন্তু সেইমতে ঠিকাদাৰে কাম কৰিব পৰা নাই৷ যিসমূহ কাম এতিয়াও হোৱা নাই অতি কঠোৰভাৱে কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ জিলা আয়ুক্তই কঠোৰভাৱে কাম নিৰীক্ষণ কৰিব৷ সংবাদমেলখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে জলজীৱন মিছনৰ অধীনত যোৰহাটত ৬০খন খোৱাপানী যোগান আঁচনি শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই৷ এই আঁচনিসমূহ বেলেগ বিভাগৰ অভিযন্তাৰ দ্বাৰা ৰিভিউ কৰোৱা হৈছিল৷ গড়কাপ্টানী বিভাগ, জলসম্পদ বিভাগ আদি বিভাগৰ অভিযন্তাৰ জৰিয়তে আঁচনিখনৰ শেষৰ পইণ্টলৈকে পানী পাইছেনে নাই ৰিভিউ কৰা হৈছিল৷ দণ্ডাধীশ আৰু অভিযন্তাই চাই দিয়াৰ পাছতেহে আঁচনিখন সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হৈছে৷ এই মডেলটো যোৰহাটত প্ৰথম লোৱা হৈছে৷  যোৰহাটত কৃতকাৰ্য হ’লে অন্য জিলাতো এই মডেলৰ কাম কৰিম৷ ইফালে যোৰহাটত অমৃত জলৰ আন এক আঁচনি লোৱা হৈছে৷ বঙালপুখুৰীত থকা আঁচনিখনত বিশুদ্ধ খোৱাপানীৰ বাবে আঁচনি লোৱা হৈছে৷ এই বিশুদ্ধ পানী ২০লিটাৰ জাৰত চৰকাৰী অনুষ্ঠানসমূহত বিলোৱা হৈছে৷ অমৃত জল আঁচনিখনত আমি কৃতকাৰ্য হৈছোঁ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাত ৰাষ্ট্ৰপতিয়ে মোহৰ মৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে  ৰাষ্ট্ৰপতিগৰাকীয়ে মোহৰ মৰাৰ পাছত এই কাৰ্য সম্পূৰ্ণ হ’ল৷ অহা লোক সভা নিৰ্বাচন এইখন তালিকাৰ জৰিয়তে হ’ব৷ আনহাতে, ইয়াৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়লৈ সকলো যাব পাৰে৷ গোচৰো চলি থাকিব৷ কিন্তু ৰাষ্ট্ৰপতিগৰাকীয়ে মোহৰ মৰাটোৱে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিলে৷ আনহাতে, জলজীৱন মিছনৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৯ চনৰ ১৫ আগষ্টত দেশত জলজীৱন মিছন  আৰম্ভ হৈছিল৷ সেই সময়ত গুজৰাটে ৭৫ শতাংশ কামৰ পৰা ১০০ শতাংশ কাম কৰিছে৷ কিন্তু অসমে ৰ.৬০ শতাংশৰ পৰা ৫৪ শতাংশ কাম সম্পূৰ্ণ কৰিছে৷ তেওঁলোকতকৈ আমাৰ এচিভমেণ্ট বেছি৷ জলজীৱন মিছনৰ কাম আৰম্ভ কৰোঁতে অসমৰ এক লাখ মানুহে পানী পাইছিল৷ এতিয়া ৩৭ লাখ পৰিয়ালে পানী পাইছে৷ সৰু সৰু ৰাজ্যসমূহত পানীৰ সংযোগ কম দিব লাগে৷ কিন্তু আমি ৬৮ লাখ পৰিয়ালক দিব লাগে৷ মন্ত্ৰীগৰাকীয়ে পানী যোগান আঁচনিৰ লগত জড়িত যাৱতীয় খৰচ  পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ পৰা দিয়া হৈছে বুলি কয়৷

Share This