ডিজিটেল ডেস্ক: ধুবুৰী জিলাৰ অসম-পশ্চিমবংগ সীমান্তৰ আগমনিয়েদি নিতৌ অসংখ্য ডাম্পাৰেৰে কৰ ফাঁকি দি পশ্চিম বংগলৈ বালি সৰবৰাহ চলোৱা ঘটনাই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষী, বন বিভাগ আৰু পৰিবহণ বিভাগ মিলিভকত হৈ এই দুর্নীতি-অনিয়মৰ সাৰ-পানী যোগোৱাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বালাজী কনষ্ট্ৰাকছন কোম্পানীয়ে ৰতিয়াদহৰ সমীপৰ গংগাধৰ নদীৰ চৰৰ বালি খননৰ বাবে বিভাগীয়ভাৱে অনুমতি লাভ কৰে। বিভাগীয় কৰ পৰিশোধ কৰি খনন কার্য চলাই আছে। ইয়াৰ পূৰ্ণ সুযোগ গ্রহণ কৰিছে স্থানীয় এক ভু-মাফিয়া চক্র। বালাজী কনষ্ট্ৰাকছন কোম্পানীৰ কাষতে চক্রটোৱে অবৈধভাবে খনন কৰি বালিসমূহ ডাম্পাৰেৰে বিভিন্ন সৰু-সুৰা ঠিকা ঠুকলিৰ কামত যোগান ধৰি আহিছে। দিনৰ ভাগত গোলকগঞ্জ সম জিলাৰ বিভিন্ন স্থানত যোগান ধৰাৰ বিপৰীতে নিশা হ'লে আগমনি চাৰিআলিৰে কালডোৱা খেৰবাৰী হৈ পশ্চিমবংগ লৈ চালান কৰে। আগমনি থানাৰ সমীপৰ এনেকৈ অবৈধভাৱে বালি লৈ পশ্চিম বংগ অভিমুখে দৌৰি আছে যদিও নেদেখা কুলিৰ ভাও ধৰি বহি আছে আগমনি থানাৰ আৰক্ষী। আগমনি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিযুক্ত বৰুৱাৰ লগত ভূ-মাফিয়া চক্ৰটোৰ লগত গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপিত হৈছে। নিশাৰ ভাগত শতাধিক বালি কঢ়িওৱা ডাম্পাৰ পশ্চিমবংগলৈ চোৰাং চালান হৈ আছে। ১৫ নৱেম্বৰত এনেদৰে অবৈধভাৱে বালি কঢ়িয়াই নিয়া ডাম্পাৰ এখন অসম পশ্চিম বংগ সীমান্তৰ আমবাৰীত মৰা ৰায়ডাক নদীৰ ওপৰত থকা টগৰ অধিকাৰী সেতু ভাঙি পানীত পৰে। এই দুর্ঘটনাৰ পাছত কিছুদিন বন্ধ আছিল যদিও পুনৰ ব্যাপক হাৰত বৃদ্ধি পাইছে। এই ক্ষেত্রত অকল আগমনি আৰক্ষীয়ে নহয়, ধুবুৰী জিলা পৰিবহণ বিভাগো জড়িত থকাৰ অভিযোগ উঠিছে।
উল্লেখযোগ্য যে ধুবুৰী বন সংমণ্ডল বিষয়াক মেনেজ কৰিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেকৈ দিনে-নিশাই অবৈধভাৱে গংগাধৰৰ বালিচৰত খননকার্য চলি আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জনচক্ষুৰ সন্মুখত ইমান নীতিবহির্ভূত কার্য চলি থকাটো ধুবুৰী জিলা প্ৰশাসনৰ চকুত নপৰাটো ডাঙৰ সাঁথৰত পৰিণত হৈছে। শীঘ্রে এই ক্ষেত্রত বিহিত ব্যৱস্থা গ্ৰহণ কৰি নৈপৰীয়া ৰাইজক আসন্ন বিপদৰ পৰা ৰক্ষাৰ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে।