ডিজিটেল ডেস্ক : আগন্তুক বাৰিষাৰ সময়ত বৰপেটা জিলাৰ বিভিন্ন প্রান্তত হ'বলগীয়া কৃত্রিম বান আৰু জলমগ্নতাৰ সমস্যা ৰোধ কৰিবলৈ জিলা প্রশাসনে অত্যন্ত কঠোৰ স্থিতি গ্রহণ কৰিছে। বৰপেটা জিলাৰ উপায়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ ৰোহন কুমাৰ ঝাই এক চৰকাৰী নির্দেশযোগে জিলাখনৰ সকলো ধৰণৰ প্ৰাকৃতিক নলা-নর্দমা, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু লোকনিৰ্মাণ বিভাগৰ পথৰ কাষত থকা নলাবোৰৰ ওপৰত চলোৱা বেদখল তথা অবৈধ নির্মাণসমূহ শীঘ্ৰে আঁতৰাবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে।
জিলা উপায়ুক্তগৰাকীয়ে পর্যবেক্ষণ কৰিছে যে জিলাখনৰ চহৰ আৰু গ্ৰাম্য অঞ্চলৰ স্বাভাৱিক পানী ওলাই যোৱা পথবোৰ একাংশ লোকে অবৈধভাবে বন্ধ কৰিছে। চৰকাৰী ভূমি, ম্যাদী পট্টাৰ ভূমি আৰু ৰাজহুৱা উপযোগিতা থকা ঠাইবোৰত অনধিকাৰ প্ৰৱেশ আৰু নিৰ্মাণ কাৰ্য চলোৱাৰ ফলত বৰষুণৰ পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ ফলস্বৰূপে সামান্য বৰষুণতে জিলাখনৰ জনসাধাৰণে তীব্র জলমগ্নতাৰ সন্মুখীন হ'বলগীয়া হয়। যিয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই সমস্যা সমাধানৰ বাবে উপায়ুক্ত ৰোহন কুমাৰ ঝাই সকলো ৰাজহ চক্ৰ বিষয়া, পৌৰসভাৰ বিষয়া, লোকনির্মাণ বিভাগ (পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) জলসম্পদ বিভাগ, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। নির্দেশনা অনুসৰি, নলা-নর্দমাৰ ওপৰত থকা সকলো অবৈধ নির্মাণ ভাঙি পেলোৱা হ'ব। পানী ওলাই যোৱা পথত থকা সকলো বাধা আঁতৰাই নলাবোৰ পৰিষ্কাৰ কৰা হ'ব। সংশ্লিষ্ট বিভাগসমূহে কোনোধৰণৰ ঢিলা মনোভাব প্রদর্শন নকৰাকৈ এক সমন্বিত শক্তিৰে এই কাম সম্পাদন কৰিব লাগিব।
প্রশাসনে স্পষ্ট কৰি দিছে যে এই কার্যসূচী জনস্বার্থত আৰু দুর্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত গ্ৰহণ কৰা হৈছে। যদি কোনো ব্যক্তি বা গোষ্ঠীয়ে এই উচ্ছেদ বা নলা পৰিষ্কাৰ কৰা কাৰ্যত বাধাৰ সৃষ্টি কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰী কামত বাধা দিয়াৰ অভিযোগত কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব। ধাৰা ৩০(২) আৰু ধাৰা ৪১ (চি) (চি)ৰ অধীনত এই নির্দেশনা তৎকালীনভাৱে বলবৎ কৰা হৈছে। জিলা প্ৰশাসনৰ এই তৎপৰতাই বৰপেটাৰ সচেতন মহলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। বাৰিষাৰ আগমণৰ পূৰ্বেই যদি এই বেদখলমুক্ত অভিযান সফল হয়, তেন্তে জিলাখনৰ বহু অঞ্চল কৃত্রিম বানৰ কবলৰ পৰা ৰক্ষা পৰিব বুলি ধাৰণা কৰা হৈছে।