ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাধীন কলিয়াভোমোৰা দলঙৰ পৰা পূব দিশত ব্ৰহ্মপুত্ৰৰ বুকুত মৎস্য চিকাৰ সম্পূৰ্ণভাৱে নিষিদ্ধ যদিও এটা দুষ্ট চক্রই বিলত মাছ মৰাৰ বাবে দিয়া চৰকাৰী অনুমতি-পত্ৰৰ অচিলাৰে নিশা উক্ত নিষিদ্ধ এলেকাত একাংশ সন্দেহজনক লোকৰ নাও লৈ নিশা বৃহৎ মৎস্য চিকাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি একাংশ প্রকৃতিপ্রেমীয়ে অভিযোগ উত্থাপিত কৰিছে।
শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ প্ৰায় ৫২খন বিলত স্থানীয় থলুৱা লোকক মৎস্য চিকাৰ কৰিবলৈ প্রশাসনে সমবায়ভিত্তিত অনুমতি প্রদান কৰিছিল। কিন্তু উক্ত অনুমতি-পত্ৰৰ অচিলাৰে সমবায়ৰ সভাপতি জামুগুৰিৰ জনৈক খগেন নামৰ এজনে থলুৱা লোকক বঞ্চিত কৰি একাংশ সন্দেহজনক লোকক নিশা মৎস্য চিকাৰ কৰিবলৈ দি এক বৃহৎ ছিণ্ডিকেট গঢ়ি তোলাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি, জনৈক খগেন এণ্ড কোম্পানীয়ে বিলত মৎস্য চিকাৰৰ বাবে প্রশাসনে দিয়া অনুমতি-পত্রসমূহ হস্তগত কৰি একাংশ সন্দহজনক তথা অচিনাকি লোকক নিশা ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজন এলেকাধীন ব্ৰহ্মপুত্ৰৰ বুকুত দুপৰ নিশা বহুকেইখন নাৱেৰে মৎস্য চিকাৰ কৰি পুৱতি নিশা সেই স্থান ত্যাগ কৰে বুলি স্থানীয় একাংশ থলুৱা লোক আৰু সচেতন ব্যক্তিয়ে গুৰুতৰ অভিযোগ কৰিছে। জনৈক খগেন এণ্ড কোম্পানীয়ে ইয়াৰ বিনিময়ত বৃহৎ ছিণ্ডিকেট গঢ়ি তুলি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি থকাৰ অভিযোগো উত্থাপিত হৈছে। সমগ্র ঘটনাত নিশা নিষিদ্ধ এলেকাত সন্দহজনক মাছমৰীয়াসকলক নাও লৈ প্ৰৱেশ কৰাৰ সুবিধা দি কমিছন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে নদী আৰক্ষীৰ ব'ট মেন ছাইফুল ইছলাম আৰু বন বিভাগৰ ব'টমেন ৰাজু চাহানীয়ে।
সচেতন ৰাইজৰ প্ৰশ্ন-কলিয়াভোমোৰা দলঙৰ পৰা পূব দিশৰ ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকা হোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত এলেকাত কোনো লোকে নিশা দূৰৰে কথা দিনৰ ভাগতো নাও লৈ প্ৰৱেশ কৰিব নোৱাৰে। তেনেস্থলত নিশাৰ ভাগত উক্ত অঞ্চলত বন বিভাগ আৰু নদী আৰক্ষীৰ কটকটীয়া নিৰাপত্তা থকাৰ পাছতো নিশা জাকে জাকে সন্দেহজনক লোকে হাত নাও লৈ কেনেদৰে মৎস্য চিকাৰ কৰিব পাৰে? যিকোনো মুহূৰ্তত কাজিৰঙাত পুনৰ গঁড় হত্যা কৰিবলৈ মাছ মৰাৰ ছলেৰেই প্ৰৱেশ কৰিব পাৰে বুলিও সন্দেহ ব্যক্ত কৰিছে একাংশ প্রকৃতিপ্রেমীয়ে। এইক্ষেত্রত সংশ্লিষ্ট বিভাগ কঠোৰ হ'বনে বুলিও প্রশ্ন হৈছে।