ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডেকাৰবাৰীত বেঁকী নৈত বালিৰ দিনে-নিশাই চলি আছে অবৈধ খনন। প্রশাসনক বুঢ়া আঙুলি দেখুৱাই বেঁকী নৈত বালিৰ অবৈধ খনন চলাই বৃহত্তৰ অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। বালি খননৰ ফলত বেঁকী নৈত বিধ্বংসী খহনীয়াই কালৰূপ ধাৰণ কৰাৰ আশংকা কৰি চিন্তিত হৈ পৰিছে নৈপৰীয়া। অবৈধ খননকার্য বন্ধ কৰিবলৈ ৰাইজে বাৰে বাৰে জিলা প্রশাসনক দাবী জনোৱাৰ পাছতো নাকত তেল দি জিলা প্রশাসনে কুম্ভকর্ণ নিদ্রাত শুই আছে বুলি অভিযোগ উঠিছে।
উল্লেখযোগ্য যে দীর্ঘদিন ধৰি বেঁকী নদীৰ বুকুত উক্ত অঞ্চলত বালি খনন অব্যাহত আছে যদিও সৰভোগ বন সংমণ্ডল আৰু বৰপেটাৰোড আঞ্চলিক বন বিভাগৰ বিষয়াসকলে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। সেয়ে কাৰ ছত্রছায়াত বালি মাফিয়া দপদপাই আছে বুলি ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।
ইফালে প্ৰতিবছৰে বাৰিষা কালত বেঁকী নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰি নৈপৰীয়াক বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও সম্প্ৰতি ৰাইজৰ জীৱন-সম্পত্তি ধ্বংসৰ মুখলৈ ঠেলি দি বালি মাফিয়াই দৈনিক জে চি বি, এস্কেভেটৰ লগাই বেঁকী নৈৰ বুকুত নির্ভয়ে চলাইছে খনন। এই খননৰ ফলত খহনীয়াই চৰম ভাবুকিৰ সৃষ্টি কৰিছে। দৈনিক শ শ বালি ভর্তি চালানবিহীন ডাম্পাৰে প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বালি বিক্ৰী কৰি লাখ লাখ টকা ঘটিছে যদিও ৰহস্যজনকভাৱে বন বিভাগে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই। সেয়ে অতি শীঘ্ৰে বালিৰ অবৈধ খনন বন্ধ কৰিবলৈ ঊর্ধ্বতন
কর্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।