৫ বছৰৰ পাছত বাঢ়িব মুছলমান-প্রধান সমষ্টি, খিলঞ্জীয়াৰ প্ৰভুত্ব কিমান দিনলৈ?

dainik janambhumi January 12, 2026

ডিজিটেল ডেস্ক: সমষ্টি পুনৰ গঠন কৰি ৰাজ্যৰ ১০৩টা সমষ্টি খিলঞ্জীয়া লোক নির্বাচিত হ'ব পৰাকৈ গঠন হ'ল যদিও সেয়া যে সাময়িক উপশমহে, সেই কথা ওলাই পৰিল দেশৰ নিৰ্বাচন আয়োগে প্রকাশ কৰা ৰাজ্যৰ খচৰা ভোটাৰ তালিকাত। 

২০২৪ চনৰ ২৯ অক্টোবৰত খচৰা ভোটাৰ তালিকাৰ ভিত্তিত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ হৈছিল। অহা ফেব্ৰুৱাৰী মাহত চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পূৰ্বে নির্বাচন আয়োগে যোৱা ২৭ ডিচেম্বৰ ২০২৫-ত আয়োগে বিশেষ সংশোধনীৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। দুয়োখন ভোটাৰ তালিকা তুলনা কৰিলেই এই কথা ওলাই পৰে যে খিলঞ্জীয়াৰ বাবে সমষ্টি সৰক্ষিত কৰাটো এটা সাময়িক ব্যৱস্থাহে। প্রায় এটা বছৰৰ ব্যৱধানত নির্বাচন আয়োগে প্রকাশ কৰা খচৰাৰ পৰা খিলঞ্জীয়া লোক আৰু মুছলমান লোক বসতিপ্রধান ১০টাকৈ সমষ্টিত ভোটাৰ বৃদ্ধিৰ পৰাই অনুমান কৰিব পাৰি যে পৰৱৰ্তী সমষ্টি পুনৰ গঠনত যিমানেই চেষ্টা কৰা নহওক কিয়, মুছলমান ভোটাৰৰ প্ৰাধান্য থকা সমষ্টি বৃদ্ধি ৰোধ কৰাটো কোনো কাৰণতে সম্ভৱ নহ'ব। 

উল্লেখযোগ্য যে খিলঞ্জীয়া তথা জনজাতীয় লোক বসতিপ্রধান সমষ্টিসমূহ ২ৰ পৰা ৪ হাজাৰ ভোটাৰ এবছৰত বৃদ্ধি পাইছে। আনহাতে, মুছলমান লোক বসতিপ্রধান সমষ্টিত মাত্র এটা সমষ্টিতে ১৪ হাজাৰ পৰ্যন্ত ভোটাৰ বৃদ্ধি পাইছে। যাৰ ফলত পৰৱৰ্তী সমষ্টি পুনৰ গঠনৰ সময়ত দুটা খিলঞ্জীয়া বা জনজাতি লোকৰ বসতি থকা সমষ্টিৰ ভোটাৰৰ পৰা এটা নতুন সমষ্টি সৃষ্টি হোৱাৰ বিপৰীতে এটা মুছলমান ভোটাৰৰ প্ৰাধান্য থকা সমষ্টি ভাঙি আন এটা নতুন সমষ্টি গঠন কৰিবলগীয়া হ'ব। অর্থাৎ মুছলমান ভোটাৰ থকা সমষ্টিয়ে এটা সময়ত ভয়ংকৰ ৰূপ যে ল'ব সেই কথা ২০২৪ চন আৰু ২০২৫-ত প্রকাশিত খচৰা ভোটাৰ তালিকাৰ ভোটাৰৰ সংখ্যাই উদঙাই দিয়ে। মাকুম সমষ্টিত ২০২৪ৰ খচৰা ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা আছিল ১,৫৭,০১০ গৰাকী। ২০২৫-ত প্রকাশিত খচৰাত সমষ্টিটোত ভোটাৰ হৈছেগৈ ১৫৯৫১৮গৰাকী। অর্থাৎ সমষ্টিটোত এটা বছৰত ভোটাৰ বৃদ্ধি হ'ল ২৫০৮ গৰাকী। আমৰি সমষ্টিত ৯৭৮৩৪ৰ পৰা এবছৰত ২৪৭৬গৰাকী ভোটাৰ বৃদ্ধি হৈ শেহতীয়া খচৰাত ভোটাৰ হৈছেগৈ ১০০৩০গৰাকী। ইয়াৰ বিপৰীতে লাহৰীঘাট সমষ্টিত ২৮৬৭৮৩গৰাকীৰ পৰা এটা বছৰতে ১৪৭৯৮গৰাকী ভোটাৰ বৃদ্ধি হৈ হৈছেগৈ ৩০১৫৮১ গৰাকী। তেনেদৰে মন্দিয়া সমষ্টিত ২৬২২৭৭গৰাকী ভোটাৰৰ পৰা এবছৰত বৃদ্ধি হৈছে ২৭১২০৬ গৰাকী। অর্থাৎ মন্দিয়াত এটা বছৰত ভোটাৰ বৃদ্ধি হ'ল ৮৯২৯গৰাকী। হোজাই জিলাৰ বিন্নাকান্দিতো ২৫৬৯৩৬গৰাকী ভোটাৰৰ পৰা এবছৰত ৮৯৮৪গৰাকী ভোটাৰ বৃদ্ধি হৈ হৈছেগৈ ২৬৫৯২৯গৰাকী। গড় হিচাপত এটা বছৰতে মুছলমান ভোটাৰ ৯ হাজাৰকৈ বৃদ্ধি হ'লে ৫ বছৰত অৰ্থাৎ এটা নিৰ্বাচনৰ পৰা পিছৰ নিৰ্বাচনটোলৈ প্রায় ৪৫ হাজাৰ ভোটাৰ বৃদ্ধি পাব। এনে হাৰত ভোটাৰ বৃদ্ধি পালে সমষ্টিটোৰ নিৰ্বাচন অনুষ্ঠিত কৰা বা পৰিচালনা কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ বাবেও যে সমস্যা হৈ পৰিব সেই কথা স্পষ্ট হৈ পৰে। সেই সমষ্টিসমূহৰ পৰা নির্বাচিত বিধায়কজনৰ বাবেও অত্যধিক ভোটাৰ থকা এনে সমষ্টি মূৰৰ কামোৰণি হৈ পৰিব। 

খিলঞ্জীয়া বা জনজাতি লোক থকা সমষ্টিসমূহত যিহেতু ডেৰ লাখৰ পৰা দুই লাখ ভোটাৰ আগৰ খচৰা ভোটাৰ তালিকাত আছিল। এবছৰত এই সমষ্টিসমূহত ভোটাৰ বৃদ্ধি ২ৰ পৰা ৪ হাজাৰৰ ভিতৰত। সেয়েহে ৫ বছৰৰ ব্যৱধানত এই সমষ্টিসমূহত ১০ৰ পৰা ২০ হাজাৰ ভোটাৰহে বৃদ্ধি হ'ব। আনহাতে, লাহৰীঘাটৰ দৰে ২০২৫ৰ খচৰাত ৩,০১,৫৮১গৰাকী ভোটাৰৰ পৰা বছৰি প্ৰায় ১৫ হাজাৰ ভোটাৰ বৃদ্ধি হ'বলৈ হ'লে ৫ বছৰৰ ব্যৱধানত নতুনকৈ প্রায় ৭৫ হাজাৰ ভোটাৰ বৃদ্ধি হৈ ৩.৭৫ লাখৰ পৰা ৪ লাখ পর্যন্ত ভোটাৰ থকা সমষ্টি হৈ পৰিব। যাৰ ফলত ৰাজ্যত পৰৱৰ্তী সময়ত বিধানসভাৰ সমষ্টিসমূহ ভাৰসাম্যহীন ভোটাৰৰ সমষ্টিত পৰিণত হ'ব। এনে সমষ্টিৰ পুনৰ বিভাজন কৰিবলৈ নির্বাচন আয়োগ বাধ্য হ'ব। ফলত এটা সময়ত ৰাজ্যত মুছলমান ভোটাৰ থকা সমষ্টি বৃদ্ধি হোৱাটো অৱধাৰিত হৈ পৰিব। ৰাজ্যত খিলঞ্জীয়া বা জনজাতীয় ভোটাৰ দুইৰ পৰা চাৰি হাজাৰৰ ভিতৰত বৃদ্ধি পোৱা কেইটামান সমষ্টি ক্রমে মাজুলী, আমৰি, নাজিৰা, মাকুম, বিহপুৰীয়া, নদুৱাৰ, হাফলং, তামুলপুৰ, ভেৰগাঁও আৰু শদিয়া। আনহাতে, ১৪ হাজাৰ পৰ্যন্ত মুছলমান ভোটাৰ বৃদ্ধি পোৱা সমষ্টিসমূহৰ ভিতৰত লাহৰীঘাট, বিন্নাকান্দি, পাকাবেতবাৰী, মন্দিয়া, জলেশ্বৰ, কৰিমগঞ্জ দক্ষিণ, ধিং, ৰূপহী, ছমৰীয়া, মানকাচৰ আদি অন্যতম।

Share This