ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই

Rashmi July 14, 2025

ডিজিটেল ডেস্কঃ দেশে স্বাধীনতা লাভ কৰা সাতটা দশক পাৰ হৈ আঠটা দশক হ'বৰ হ'ল । সুদীৰ্ঘ এই সময়ছোৱাত বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ন হ'ল । যাৰ ফলত মানুহে এতিয়া অসাধ্যকো সাধ্য কৰি তুলিব পৰা হ'ল । কিন্তু কামপুৰৰ দক্ষিণ কপিলীপাৰৰ কৃষকক যেন ঢুকি পোৱা নাই উন্নয়ন আৰু প্ৰযুক্তি বিদ্যাই । 

কিয়নো  গৰুবাট মৌজাৰ বৃহত্তৰ অঞ্চলটোৰ কৃষকে আজিও একমাত্ৰ বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৰিব লগা হৈছে কৃষি কৰ্ম । বৰষুণ পৰিলেহে আঘোণৰ পথাৰ সোণোৱালী হয় আৰু বৰষুণ নপৰিলে পথাৰ ছনে ৰয় ।

বৰষুণৰ অভাৱত কামপুৰৰ কপিলীপাৰৰ বহু কৃষকে আজিও ৰুব পৰা নাই আশাৰ খেতিডৰা ।কোনো কোনো কৃষকে বাওঁ সিঁচাৰ লগতে ভূঁই ৰুইছিল যদিও সেয়া বৰ্তমান প্ৰচণ্ড ৰ'দত শুকাই ফাট মেলি গৈছে । উপায়হীন হৈ  বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকসকলে এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে । প্ৰশ্ন হয়, ৰাজ্যত বিয়াগোম জলসিঞ্চন বিভাগ এটা থকাৰ পাছতো আজিৰ দিনত একমাত্ৰ বতৰৰ ওপৰত ভৰসা কৰি খেতি কৰিব লগা হৈছে কিয় ? চহা কৃষক ৰাইজে পথাৰত কৃষিকৰ্ম কৰিব পৰাকৈ পানী যোগানৰ এক সুব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে কৃষক ৰাইজে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This