কার্বি ভূমিত কার্বি-অন্যান্য খিলঞ্জীয়া সুৰক্ষিত হ'বই লাগিবঃ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

dainik janambhumi December 24, 2025

ডিজিটেল ডেস্ক: কাৰ্বি আংলং জিলাত কার্বি আৰু অনা কাৰ্বি লোকৰ মাজত সৃষ্টি হোৱা হিংসাত্মক ঘটনাত বিভিন্ন দল-সংগঠনে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। পাহাৰীয়া জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা আৰু চিন্তা ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। 

সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কাৰ্বিভূমিত কাৰ্বি আৰু অন্য খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব বুলি উল্লেখ কৰে। কাৰ্বি আংলঙৰ সমস্যা অসমৰ সমস্যা বুলি উল্লেখ কৰি তেওঁ কাৰ্বি আংলঙত হিংসাৰ অৱসান হোৱাৰ কামনা কৰি সকলো পক্ষকে হিংসাবর্জিত পৰিৱেশ সৃষ্টি কৰাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। আনহাতে তেওঁ চৰকাৰক আন্দোলনকাৰীৰ ওপৰত গুলী আৰু দমনৰ নীতি বন্ধ কৰিবলৈ দাবী কৰে। তেওঁ সমস্যাটো আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈয়ো আহ্বান জনায়। কাৰ্বি আংলঙৰ সমস্যাক অসমৰ জাতীয় জীৱনৰ সমস্যা হিচাপে গণ্য কৰি অহা বুলিও উল্লেখ কৰি তেওঁ কার্বি আংলঙত কার্বি জনগোষ্ঠী আৰু অসমৰ খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত হ'বই লাগিব বুলিও তেওঁ স্পষ্ট কৰে। 

ইফালে কার্বি আংলং জিলাত কার্বি আৰু অন্য খিলঞ্জীয়াৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাৰ কামনা কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ সভাপতি পলাশ চাংমায়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে কাৰ্বি জনগোষ্ঠীয়ে আৰম্ভ কৰা সংগ্রামখনলৈ পৰিষদে সমর্থন আছে। অৱশ্যে তেওঁ সকলো পক্ষকে হিংসাৰ আশ্রয় নল'বলৈ আহ্বান জনায়। তেওঁ কয় যে, অসমত অনা অসমীয়া আৰু বহিৰাগতই খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা কামত সকলোৱে বাধা প্রদান কৰা উচিত। 

আনহাতে ট্রাইবেল এণ্ড ব্লকত কোনো কাৰণতে অজনজাতিয়ে ভূমি ক্রয় কৰিব নোৱাৰে যদিও কাৰ্বি আংলঙত বিহাৰী আৰু বাঙালী লোকে জনগোষ্ঠীয় বেল্ট এণ্ড ব্লকৰ ভূমি কিনি তাৰ খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিছে বুলি উল্লেখ কৰি ষষ্ঠ অনুসূচী এলেকাত মাটি ক্রয় নকৰি অজনজাতিক নিগাজীকৈ থাকিবলৈ দিয়াৰ বিৰোধিতা কৰে। তেওঁ কেৱল কার্বি আংলঙেই নহয়, সমগ্র অসমৰ ভূমিৰ অধিকাৰৰ খিলঞ্জীয়াৰ হাতত থাকিব লাগে বুলি মতপোষণ কৰে। অসম চৰকাৰে বৰপেটা আৰু বৰদোৱা সত্ৰৰ পাঁচ কিঃমিঃ ব্যাসার্ধত যিদৰে বহিৰাগতই ভূমি ক্রয় কৰাত বাধাৰ ব্যৱস্থা কৰিছে, সেয়া সমগ্র অসমত কৰিবলৈয়ো তেওঁ দাবী কৰে। তেওঁ অসমত ন্যূনতম তিনিটা প্রজন্মই বাস কৰা লোকেহে ভূমি ক্রয় কৰাৰ অধিকাৰ দিবলৈয়ো তেওঁ দাবী কৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্নতা প্রকাশ কৰে। তেওঁ সকলো পক্ষকে শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়। 

আনহাতে জিলাখনত সংঘটিত হোৱা পৰিস্থিতিৰ বাবে চৰকাৰকে জগৰীয়া কৰি গগৈয়ে জিলাখনৰ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলি কয়। কিন্তু চৰকাৰে সেই কামক দায়িত্ব হিচাপে গ্রহণ কৰা নাই বুলিও অভিযোগ কৰে। ইফালে কাৰ্বি আংলঙৰ সাম্প্রতিক পৰিস্থিতিত উদ্বেগ প্রকাশ কৰি মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে শান্তি ৰক্ষাৰ বাবে চৰকাৰ আৰু আন্দোলনকাৰী উভয় পক্ষলৈ আহ্বান জনায়। 

এক বিবৃতিযোগে কালি সংগঠনটোৱে কাৰ্বি জনতাই বেদখলৰ বিৰুদ্ধে চলাই থকা প্রতিবাদক চৰকাৰে আওকাণ কৰি থকাৰ বাবে এই অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি প্রকাশ কৰে। তুলিবাম বাহিনীয়ে চলাই থকা অবাধ লুণ্ঠন, উদ্যোগীকৰণৰ নামত পুঁজিপতিক পানীৰ মূল্যত ভূমি গতাই দিয়া আদি নানা কাৰকৰ বাবে জিলাখনৰ মানুহৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভৰ জুইৰ এতিয়া বহিঃপ্রকাশ ঘটা বুলিও সংগঠনটোরে কয়। কাৰ্বিভূমিৰ পৰিবেশ যাতে মণিপুৰৰ দৰে নহয় তাৰ ব্যৱস্থা কৰিবলৈয়ো মানৱ অধিকাৰ সংগঠনটোৱে চৰকাৰক আহ্বান জনায়। কাৰ্বি আংলঙৰ পৰিস্থিতিৰ বাবে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়েও উদ্বেগ প্রকাশ কৰিছে। জিলাখনৰ হিংসাত্মক পৰিস্থিতিৰ বাবে উভয় পক্ষক জগৰীয়া কৰি সমিতিয়ে জনজাতিসকলৰ ন্যায্য দাবীৰ প্ৰতি চৰকাৰক গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনায়। এক বিবৃতিত সংগঠনটোৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে আন্দোলনকাৰী সংগঠনসমূহক আইন হাতত তুলি নোলোৱাকৈ গণতান্ত্রিকভাৱে আন্দোলন চলাই গৈ দাবী সাব্যস্ত কৰিবৰ বাবেও সমিতিয়ে আহ্বান জনায়। আনহাতে আলোচনাৰ মাধ্যমেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবেও সমিতিয়ে দাবী কৰে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ দাবী জনায়। ষষ্ঠ অনুসূচী এলেকাত আৰু ট্রাইবেল বেল্ট-ব্লকবিলাকত সংঘটিত হোৱা বেদখল উচ্ছেদ কৰিবলৈয়ো সমিতিয়ে চৰকাৰক দাবী জনায় ।

Share This