ডিজিটেল ডেস্ক : ৰাজ্যৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে। বাৰিষা আৰম্ভ হোৱাৰ লগে লগেই ৰাজ্যখনৰ বিভিন্ন স্থানত হোৱা প্ৰথমটো বানত ক্ষতিগ্রস্ত লোকৰ সংখ্যাৰ পৰা আৰম্ভ কৰি বানত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু শস্যৰ ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে। প্রত্যেক বছৰ বাৰিষা বানে ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰাটো নতুন কথা নহয়। চলিত বৰ্ষতো তাৰ ব্যতিক্ৰম হোৱা নাই। কিন্তু উদ্বেগজনক কথাটো হ'ল, প্রতি বছৰে ক্ষতি অনুপাতে ৰাজ্যখনে কেন্দ্ৰৰ পৰা ধন লাভ নকৰে। অথচ বানে কৰা ক্ষতিপূৰণৰ বাবে প্ৰতি বছৰে ৰাজ্য চৰকাৰক বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হয়। খোদ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই বিগত বৰ্ষত হোৱা সংহাৰী বানত ৰাজ্যখনত মুঠ ১১০জন লোকৰ মৃত্যু হৈছিল। ৪৯,৫৮০.৪৩ হেক্টৰ কৃষিভূমি - নষ্ট হোৱাৰ লগতে বিধ্বস্ত হৈছিল ১,৪৫,২৪৯টা বাসগৃহ। বছৰটোত বানৰ দ্বাৰা ক্ষতিগ্রস্ত হৈছিল ২,৩১৮টা পথ। ইফালে ২০১৫ চনৰ পৰা বিগত বর্ষলৈকে ৯৬৪ গৰাকীয়ে বানত প্রাণ হেৰুৱাইছে।
তথ্য মতে, ২০১৫ চনত ৬৬গৰাকী, ২০১৬ চনত ৬৪গৰাকী, ২০১৭ চনত ১৬০গৰাকী, ২০১৮ চনত ৫৩গৰাকী, ২০১৯ চনত ১০১গৰাকী, ২০২০ চনত ১৫০গৰাকী, ২০২১ চনত ৩গৰাকী, ২০২২ চনত ১৭৯গৰাকী, ২০২৩ চনত ৭৮গৰাকী আৰু ২০২৪ বৰ্ষত ১১০গৰাকী লোকে বানত মৃত্যুক সাবটি লৈছে। ইফালে প্রতি বছৰে বানত কৃষি খণ্ডৰো ব্যাপক ক্ষতি হৈ আছে। তথ্য মতে বিগত ৯ বছৰৰ বানৰ ফলত কৃষি খণ্ডৰ ক্ষয়-ক্ষতি এনে ধৰণৰ- ২০১৫ চনত ১০৫ কোটি টকা, ২০১৬ চনত ৮৫ কোটি টকা, ২০১৭ চনত ১০০.১২ কোটি টকা, ২০১৮ চনত ২৩.৪৮ কোটি টকা, ২০১৯ চনত ১৫৭.৫৪ কোটি টকা, ২০২০ চনত ১৪৫.৮৬ কোটি টকা, ২০২১ চনত ৮.৫৫ কোটি টকা, ২০২২ চনত ১৫৪.৫৮ কোটি টকা আৰু ২০২৩ চনত ১৭.৯৯ কোটি টকাৰ শস্য ক্ষতি হৈছে। ইয়াৰ উপৰি ৰাজ্যৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো কোটি কোটি টকাৰ ক্ষতি হৈ আহিছে। ইফালে ইমান বৃহৎ পৰিমাণৰ ক্ষতি হোৱাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজিও গুৰুত্ব দিয়া নাই। আনকি ৰাজ্যখনে বিচৰা অনুসৰি সাহায্যও প্রদান কৰা নাই। মাথোঁ এছ ডি আৰ এফ শিতানত অসমে পাব লগীয়া প্রাপ্য ধনৰাশি মোকলাই দিয়েই নিজৰ দায়িত্ব সামৰিছে।
উল্লেখযোগ্য যে বিগত ২০১৬ চনৰ পৰা ২০২৪ চনলৈ বিগত ৯টা বছৰত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২৯,০৩০.০২ কোটি টকা বিচাৰিছিল যদিও পালে মাত্র ৩২৩.৩৮ কোটি টকা। ২০২১ চনত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমে কেন্দ্ৰৰ পৰা বিচাৰিছিল ১,০৮৮.১৯ কোটি টিকা। কিন্তু সেই বছৰত অসমে কেন্দ্ৰৰ পৰা পালে মাত্র ৪৪.৩৭ কোটি টকা ২০২২ চনত কেন্দ্ৰৰ পৰা অসমে ৩,০৭৩.৮৬ কোটি টকা বিচাৰিছিল যদিও পাইছিল মাত্র ২৫০ কোটি টকা। তাৰ পাছত ২০২৩ চনত অসমে কেন্দ্ৰৰ পৰা ১১৭.৬৮ কোটি টকা বিচাৰিছিল যদিও কেন্দ্ৰই অসমক এটা টকাও নিদিলে। ২০২৪ চনতো অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১,৬৮১.৪৯ কোটি টকা বিচাৰে যদিও কেন্দ্ৰীয় চৰকাৰে দিয়ে মাত্র ২৯.০১৭ কোটি টকা। মুঠৰ ওপৰত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰৰ পৰা বিচৰা ধৰণে পুঁজি লাভ কৰা নাই। যাৰ ফলত ৰাজ্যৰ উন্নয়নৰ গতিতো বাধাৰ সৃষ্টি হৈছে। পিছে এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ। মুখেৰে উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি অভিহিত কৰিলেও প্ৰকৃততে এয়াই হৈছে অষ্টলক্ষ্মীৰ বৰ জীয়ৰী অসমৰ প্রতি কেন্দ্ৰীয় চৰকাৰৰ মনোভাবৰ প্ৰকৃত ছবিখন।