দিহানামৰ বিশ্ব অভিলেখৰ প্ৰস্তুতিত কেৰোণ, সম্পাদকসহ ১০গৰাকী বিষয়ববীয়াৰ পদত্যাগ

Jyoti Borah August 23, 2023

ডিজিটেল ডেস্কঃ বিহুৰ পাছত অসমত ৬০ হাজাৰ আয়তীৰে পুনৰ বিশ্ব অভিলেখ গঢ়াৰ বাবে অসমত চলা কুচকাৱাজত চূড়ান্ত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। খোদ সভাপতিজনে অবাধে ধন আত্মসাৎ কৰাৰ সন্দেহো ক্ৰমাৎ বৃদ্ধি পাইছে। সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতি নামৰ ই এটা সংগঠনৰ উদ্যোগত গঢ়িবলগীয়া এই বিশ্ব অভিলেখৰ ক্ষেত্ৰত সভাপতিজনে ৰ মইমতালি খটোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এইবাৰ খোদ সংগঠনটোৱে শ শীর্ষ পদত থকা ১০জন বিষয়ববীয়াই ২২ আগষ্টত পদত্যাগ কৰে। পূর্বেও সভাপতি গণেশ দাসৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰি প্ৰথমজন সাধাৰণ সম্পাদককে ধৰি বহুকেইজন বিষয়ৰীয়াই সংগঠনৰ পৰা আঁতৰি যোৱাৰ লগতে সংবাদমেল অনুষ্ঠিত কৰি ৰাজহুৱাকৈ সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল।

         তাৰ পাছতে যোৱা ২ জুলাইত জ্যোতি চিত্ৰবনত কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক কৰি নাহৰকটীয়াৰ উপেন দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰি কাম কাজ আগবঢ়াইছিল। কিন্তু মাত্ৰ ডেৰ মাহতে সভাপতিৰ কৰ্মকাণ্ড আৰু মইমতালিত চূড়ান্ত অসন্তুষ্ট হৈ সাধাৰণ সম্পাদকজনে লগত ৯জন সতীৰ্থক লৈ । যোৱা কালি ৰাজহুৱাভাৱে পদত্যাগ কৰে। দিছপুৰ প্ৰেছ ক্লাবত যোৱা কালি এখন সংবাদমেল অনুষ্ঠিত কৰি সাধাৰণ সম্পাদক উপেন দাসৰ লগতে উপদেষ্টা মাকণি ভূঞা (জাগীৰোড), উপ-সভাপতি ক্ৰমে শ্ৰীমন্ত বৰঠাকুৰ (নাহৰকটীয়া), অশ্বিনী কুমাৰ দাস (গুৱাহাটী), হেমেন চন্দ্ৰ মেধি (জাগীৰোড), সহকাৰী সাধাৰণ সম্পাদক  ক্রমে বস্তি পাঠক, নৰেন দাস, বিজুলী ৰাজবংশী, কার্যকৰী সদস্য ক্রমে বনলতা ৰাজবংশী আৰু ইন্দ্ৰাণী দেৱীয়ে সমিতিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁলোকে সভাপতি গণেশ দাসে মইমতালি খটোৱাৰ উপৰি সংগৃহীত ধনৰ হিচাপ সমিতিক নিদিয়া আৰু নিজৰ লগতে ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। এইপর্যন্ত সংগঠনটোৰ এটা যুটীয়া একাউণ্ট নথকা আৰু যুটীয়া একাউন্ট  খুলিবলৈ জোৰ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগো উত্থাপন কৰে পদত্যাগী সাধাৰণ সম্পাদক উপেন দাসে। সভাপতিজনে নিজৰ খেয়াল খুচি মতে কাম কৰাৰ লগতে যুটীয়া একাউণ্ট খুলি হিচাপ ৰাজহুৱা কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰাত তেওঁলোকে সভাপতিজনৰ কৰ্মকাণ্ডত সন্দেহো প্ৰকাশ কৰে। ইফালে, এনে এটা বিশাল অনুষ্ঠানৰ আয়োজন কৰাৰ সময়ত সাংগঠনিক আন্তঃগাঁথনি ঢিলা হোৱা বুলি অভিযোগ কৰিও অনুষ্ঠানটোৰ সফলতা কামনা কৰে। পদত্যাগী সাধাৰণ সম্পাদকজনে বিশ্ব অভিলেখ গঢ়াৰ বাবে সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপলৈ চৰকাৰে গুৰুত্ব আৰোপ নকৰা বুলিও প্ৰকাশ কৰে। তেওঁ কয় যে সভাপতি গণেশ দাসৰ বিৰুদ্ধে মুখ্যমন্ত্রীক কোনো লোকে অভিযোগ কৰা বাবেই তেওঁ এই অভিলেখৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাই বুলিও প্ৰকাশ কৰে। প্ৰণিধানযোগ্য যে সদৌ অসম শংকৰ- মাধৱ সাংস্কৃতিক দিহানাম সমিতিয়ে অহা ২৫ নৱেম্বৰত ৬০ হাজাৰ আয়তীৰে অসমত দিহানামৰ বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা কৰিছে বুলি প্ৰচাৰ চলাইছে।

          আনহাতে, এই অভিলেখত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিগৰাকী আয়তীৰ পৰা পঞ্জীয়নৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰা হৈছে। এই ধন অভিলেখৰ দিনা তেওঁলোকক অনা-নিয়া আৰু খোৱাৰ নামত ব্যয় কৰা হ'ব বুলিও প্ৰচাৰ চলোৱা হৈছে। কিন্তু ইতিমধ্যে একাধিকবাৰ এই ধন সভাপতি গণেশ দাসে আত্মসাৎ কৰা বুলি অভিযোগ উঠি আহিছে।
 

Share This