ডিজিটেল ডেস্ক : 'চিকেন নেক'ক লৈ উদ্বিগ্ন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। অত্যন্ত স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত চিকেন নেকৰ ওপৰত বাংলাদেশৰ চকু পৰিছে বুলি উল্লেখ কৰি বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° শৰ্মাই কয়- বাংলাদেশৰ পৰা চিকেন নেকত বাস কৰা লোকসকলৰ ভাবধাৰা সলনি কৰাৰ ষড়যন্ত্র চলিছে। বাংলাদেশী মৌলবাদীয়ে উক্ত লোকসকলে যাতে বাংলাদেশৰ প্রতি আনুগত্য প্রকাশ কৰে, তাৰ বাবে কাম কৰি আছে।
আনকি চিকেন নেকত বাস কৰা লোকসকলক বাংলাদেশী বুলি চিনাকি দিবলৈকো উচটনি দিয়া হৈছে। মৌলবাদীয়ে ধুবুৰী বা চিকেন নেকত থকা লোকসকলক প্ৰৰোচিত কৰাৰ অহৰহ চেষ্টা চলাই থকা বুলি ব্যক্ত কৰি তেওঁৰ স্পষ্ট মত- 'আমি একুৰা জুইৰ কাষত বহি আছোঁ। সংঘাত হ'লেহে, যুদ্ধ হ'লেহে প্রকৃত ছবিখন পোহৰলৈ আহিব। কিয়নো চিকেন নেকত থকা প্রায়সংখ্যক লোকেই এটা সময়ত বাংলাদেশৰ পৰা অহা।'
ইফালে সীমান্তৰ বহু অঞ্চলত বাংলাদেশৰ ম'বাইল নেটৱৰ্কহে চলে বুলি জনাই তেওঁ কয় যে আমি সাৱধান হ'ব লাগিব। কিয়নো আজিৰ তাৰিখত দেশৰ নিৰাপত্তাৰ বাবে চিকেন নেক এটা অত্যন্ত চিন্তাৰ বিষয় হৈ পৰিছে। ভাৰত-বাংলাদেশৰ যুদ্ধ হ'লে চিকেন নেকৰ বাসিন্দাই কোন দেশৰ প্ৰতি আনুগত্য দেখুৱাব বুলিও প্রশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।