শ্যামকানুৰ অধিবক্তাই ইচ্ছাকৃতভাৱে গোচৰ প্ৰক্ৰিয়া লেহেম কৰাৰ অভিযোগ পৰিয়াল, অধিবক্তাৰ, এই প্রক্রিয়াত জুবিনে ২০ বছৰেও নাপায় ন্যায়

dainik janambhumi February 14, 2026

ডিজিটেল ডেস্ক: গুৱাহাটীৰ সত্ৰ ন্যায়াধীশৰ আদালতত কালি সপ্তমবাৰৰ বাবে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন হয়। জুবিন-হত্যাৰ লগত জড়িত থকা কুখ্যাত শ্যামকানু মহন্তৰ অধিবক্তাই ইচ্ছাকৃতভাৱে গোচৰ প্ৰক্ৰিয়াটো লেহেম কৰাৰ অভিযোগ উত্থাপন কৰিছে জুবিনৰ পৰিয়ালে। 

কালি শ্যামকানু মহন্তই দাখিল কৰা তিনিখন আৱেদনৰ শুনানি গ্রহণ কৰা হয় যদিও ১৬ ফেব্ৰুৱাৰীতহে ৰায় দিয়া হ'ব। ইফালে গোচৰটোৰ পৰা অব্যাহতি বিচাৰি সিদ্ধার্থ শর্মাই দাখিল কৰা আৱেদনকে ধৰি আন তিনিখন আৱেদনৰো শুনানি গ্রহণ কৰা হয় যদিও ১৬ ফেব্ৰুৱাৰীতহে ইয়াৰো ৰায়দান হ'ব। 

জুবিনৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ন্যায় প্ৰক্ৰিয়াৰ লেহেম গতিত অতিষ্ঠ হৈ পুনৰবাৰ এই গোচৰৰ বাবে বিশেষ আদালত গঠনৰ পোষকতা কৰিছে। কালি শেখৰজ্যোতি গোস্বামীয়েও গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আৱেদন গোচৰটো ইচ্ছাকৃতভাৱে দীঘলীয়া কৰাৰ প্ৰচেষ্টা বুলিহে অধিবক্তা সমাজে অভিযোগ কৰিছে। 

অধিবক্তা সমাজে পুনৰ ফাষ্ট ট্রেক আদালত গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাই কয় যে এইটো গতিত বিচাৰ প্ৰক্ৰিয়া চলি থাকিলে অনাগত বিশ বছৰেও জুবিন গার্গে ন্যায় নাপাব।

Share This