ৰাজ্যৰ আৰু দুগৰাকী সাংসদক দায়িত্ব, ভাৰত-থাইলেণ্ড মৈত্রী গোটৰ অধ্যক্ষ দিলীপ শইকীয়াক

dainik janambhumi February 26, 2026

ডিজিটেল ডেস্ক: কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পাছত বিজেপিৰ সাংসদ দিলীপ শইকীয়াকো ভাৰত-থাইলেণ্ড মৈত্ৰীৰ বাবে গঠন কৰা সাংসদ গোটৰ অধ্যক্ষৰ দায়িত্ব দিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। 

ৰাজ্য সভাৰ সাংসদ অজিত ভূঞা ভাৰত-ছৌডি আৰব মৈত্রী গোটৰ সদস্য হিচাপে অন্তর্ভুক্ত হৈছে। লোকসভাৰ অধ্যক্ষই সাংসদ গৌৰৱ গগৈক ভাৰত- ফিলিপাইন সংসদীয় মৈত্রী গোটৰ অধ্যক্ষ নিযুক্তি দিয়াত মঙ্গলবাৰে বিভিন্ন পক্ষই কৰা তির্যক মন্তব্যৰ প্ৰতিক্রিয়া প্রকাশ কৰে। 

কালি গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ অধ্যক্ষই যিখন চিঠি দিছে, সেইখন মই লিখা নাই। এটা গোট বনাইছে। গোটত সদস্য থাকে আৰু সভাপতি থাকে। মোক যি দায়িত্ব দিছে সেয়া পত্রযোগে অৱগত কৰিছে। লোকসভাৰ অধ্যক্ষই দিয়া পত্র সকলোৱে দেখা পাইছে। যোৰহাট সমষ্টিৰ ৰাইজ আৰু অসমবাসীক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে তেওঁলোকে আমাক যোৱা লোকসভা নিৰ্বাচনত যিদৰে মৰম দিলে, আশীৰ্বাদ কৰিলে তাৰ বাবে আজি মই এই পর্যায় পাইছোঁ। মোক যোৱা দিনবোৰত যোৰহাট সমষ্টিবাসী আৰু অসমবাসীয়ে যি মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। 

মুখ্যমন্ত্রীয়ে পাকিস্তানৰ দায়িত্ব দিব লাগিছিল বুলি কৰা সমালোচনাৰ উত্তৰ প্ৰদান কৰি গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ অধ্যক্ষ মহোদয়ে আমাক এটা দায়িত্ব দিছে, ইয়াত মুখ্যমন্ত্ৰীৰ কি ভূমিকা আছে বা মুখ্যমন্ত্ৰীৰ কথাৰ কি গুৰুত্ব আছে বুলি কয়। সদনৰ ভিতৰত লোকসভাৰ অধ্যক্ষই দায়িত্ব দিয়াৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কি মূল্য আছে, মই বুজি পোৱা নাই বুলিও তেওঁ কয়।

Share This