Indian Oilৰ পেট্ৰল পাম্পত ডিজেলৰ সলনি গ্ৰাহকে পালে পানী

Nikimoni Kachari December 23, 2025

ডিজিটেল ডেস্কঃ মহানগৰীৰ পেট্ৰল পাম্পত আজৱ ঘটনা। নুনমাটিৰ ছেক্টৰ ৩ৰ Indian Oilৰ পেট্ৰল পাম্পত ডিজেলৰ সলনি গ্ৰাহকে পালে পানী।

এজন গ্ৰাহকে নিজৰ বাহনত EXTRA GREEN ডিজেল ভৰোৱাৰ পিছতে পোহৰলৈ আহিল ঘটনা।

হেমেন ডেকা নামৰ ভুক্তভোগী গ্ৰাহকজনৰ অভিযোগ অনুসৰি আজি নুনমাটিৰ ছেক্টৰ 3ৰ Indian Oilৰ পেট্ৰল পাম্পত চাৰিচকীয়া বাহনত ভৰাইছিল ছয় হাজাৰ টকাৰ ডিজেল। কিছু দূৰ যোৱাৰ পিছতে বন্ধ হৈ পৰিল গাড়ীৰ ইঞ্জিন।

মেকানিকক দেখুওৱাত পোহৰলৈ আহিল বাহন বন্ধ হোৱা কাৰণ। তেলৰ বিসংগতিৰ বাবে বন্ধ হৈ পৰিল গ্ৰাহকজনৰ বাহন। পিছত ভুক্তভোগী গ্ৰাহক উপস্থিত হ'ল পেট্ৰল পাম্পত।

গ্ৰাহকৰ অভিযোগৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা পেট্ৰল পাম্প কৰ্তৃপক্ষই তেলত বিসংগতি ধৰা পেলাই বন্ধ কৰে ডিজেল দিয়া মেচিনটো। লগতে গ্ৰাহকজনক দিয়া তেলৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This