বিগত ১৫ মাহৰ ভিতৰত দেশৰ খুচুৰা বজাৰত  মুদ্ৰাস্ফীতি হাৰ অভিলেখ সংখ্যক ৭.৪৪ শতাংশলৈ বৃদ্ধি 

Kakali Deka August 15, 2023

ডিজিটেল ডেস্কঃ দেশৰ খুচুৰা বজাৰত সা- সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। লক্ষ্যণীয় কথাটো হ’ল বিগত ১৫ টা মহৰ ভিতৰত চলিত মাহতেই সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি হৈছে।  খুচুৰা বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ এটা ঢাপতে  প্ৰায় ৩ শতাংশ বৃদ্ধি পাইছে ।শেহতীয়াকৈ  দেশৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৭.৪৪ শতাংশত উপনীত হৈছে । এয়া  যোৱা ১৫ মাহৰ ভিতৰত  সৰ্বাধিক। জুন মাহত দেশত খুচুৰা মূল্য বৃদ্ধিৰ হাৰ আছিল ৪.৮১  শতাংশ। মে’ মাহত সেয়া আছিল ৪.৩১ শতাংশ ।

খাদ্য সামগ্ৰীৰ সাধাৰণ খুচুৰা মূল্য বৃদ্ধি ভয়াৱহ ভাবে হৈছে । কেন্দ্ৰীয় চৰকাৰৰ  তথ্য অনুসৰি, যোৱা বছৰৰ তুলনাত খোৱা তেল আৰু পাচলিৰ মূল্য বৃদ্ধি পাইছে। এনেবোৰ সামগ্ৰীৰ মূল্যবৃদ্ধি  ক্ৰমান্বয়ে সাধাৰণ গ্ৰাহকৰ সামৰ্থ্যৰ বাহিৰলৈ  গৈ আছে। পাচলিৰ উপভোক্তা মূল্য সূচক (চিপিআই) জুনৰ ৪.৮৭ শতাংশৰ পৰা জুলাইত ৬.৭১ শতাংশলৈ বৃদ্ধি পাইছে।

অত্যাৱশ্যকীয় সামগ্ৰী, বিশেষকৈ খাদ্য সামগ্ৰীৰ  মূল্য জুনৰ আৰম্ভণিৰে পৰা বৃদ্ধি হৈ আহিছে। বজাৰৰ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰি কিছুমান অৰ্থনীতিবিদে কয় যে খুচুৰা বজাৰত মূল্য  আগষ্টত আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ সাধাৰণ মানুহৰ সমস্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত চলিত বিত্তীয় বৰ্ষত ৰিজাৰ্ভ বেঙ্কে খুচুৰা মুদ্ৰাস্ফীতি ৪ শতাংশলৈ নিয়ন্ত্ৰণ কৰাৰ যি লক্ষ্য বান্ধি লৈছিল সেয়া পূৰণ কৰাটো অসম্ভৱ হৈ পৰিছে।

Share This