ডিজিটেল ডেস্ক: অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত কালি শিক্ষা মন্ত্রী তথা অসম শিশু সাহিত্য ন্যাসৰ সভাপতি ডাঃ ৰণোজ পেণ্ডৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত ২০২৪-২০২৫ বর্ষত অসম শিশু সাহিত্য ন্যাসে প্রকাশ কৰি উলিওৱা ৫২খন গ্রন্থ উন্মোচন কৰা হয়। একেখন সভাতে ২০২৪ বর্ষত অসম শিশু সাহিত্য ন্যাসে আয়োজন কৰা পাণ্ডুলিপি প্রতিযোগিতাৰ বিজয়ীসকলক সম্বর্ধনা-পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।
সভাত অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীৰ লগতে সন্মানীয় অতিথি হিচাপে সু-সাহিত্যিক তথা ন্যাসৰ উপ-সভাপতি পদ্মশ্রী অৰূপ কুমাৰ দত্ত উপস্থিত থাকে। ২০২৪ বর্ষত তিনিটা শাখাত পাণ্ডুলিপি প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। সচিত্র কাহিনী (সাধুকথাৰ আধাৰত) শাখাত প্ৰথম পুৰস্কাৰ মধুমিতা গোস্বামী বৰঠাকুৰে লাভ কৰাৰ বিপৰীতে মিতালী বিপুল গোস্বামীয়ে দ্বিতীয় পুৰস্কাৰ, সৌৰভ ৰায় মেধি আৰু চিত্ৰামণি হাজৰিকাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰে। বিজ্ঞানভিত্তিক কাহিনী (গণিত বিষয়ৰ আধাৰত) শাখাত প্রথম পুৰস্কাৰ মঞ্জিতা শৰ্মাই, দ্বিতীয় পুৰস্কাৰ বন্দিতা শৰ্মা কন্দলিয়ে আৰু তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে ক্রমে অঞ্জনা দত্ত, ভাস্বতী চৌধুৰীয়ে লাভ কৰে। বুৰঞ্জীমূলক কাহিনী (বীৰ-বীৰাংগনাৰ আধাৰত) শাখাত প্ৰথম পুৰস্কাৰ লাভকৰে প্ৰতিভা ভাগৱতীয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে প্ৰাঞ্জল মহন বৰুৱাই আৰু তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে বন্দিতা গোস্বামী শৰ্মা, ঝর্ণালী শৰ্মা বৰকটকীয়ে।
উল্লেখযোগ্য যে কালিৰ সভাত মধুমিতা গোস্বামী বৰঠাকুৰৰ 'সোণবৰণীয়া দেশত টুকটুক', মিতালী বিপুল গোস্বামীৰ 'বিমি, পমপম আৰু এজনী ঘৰচিৰিকা', সৌৰভ ৰায় মেধিৰ 'প্রকৃত বন্ধু', চিত্ৰামণি হাজৰিকাৰ 'ড'ড' চৰাইৰ আত্মকথা', মঞ্জিতা শৰ্মাৰ 'গণিতৰ ৰসাল কৰ্মশালা', বন্দিতা শৰ্মা কন্দলিৰ 'গণিত-সংখ্যাৰ মেলা আৰু খেলা', অঞ্জনা দত্তৰ 'সংখ্যাৰ সন্ধানত দূৰ দিগন্তলৈ', ভাস্বতী চৌধুৰীৰ 'ককাৰ গণিতৰ কাহিনী', প্রতিভা ভাগৱতীৰ 'ভোটাই ডেকা', প্রাঞ্জল মহন বৰুৱাৰ 'শুকতি', বন্দিতা গোস্বামী শৰ্মাৰ 'নন্দিনী সাধনী', ঝর্ণালী শৰ্মা বৰকটকীৰ 'এজন ৰাজকুমাৰৰ সাধু', হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ 'আইদেউৰ সপোন', এলিজা শৰ্মাৰ 'ভাৰতবৰ্ষৰ সাধু', নিতু গোস্বামীৰ 'মহাপুৰুষ দামোদৰদেৱৰ জীৱন আৰু কৃতী', অৰূপজ্যোতি হাজৰিকাৰ 'ময়ো সু-নাগৰিক হ'ব খোজোঁ', নীলিমা বৰাৰ 'ফুলৱা' আৰু 'ন-খন নৈৰ সাধু', তৃষ্ণা শৰ্মাৰ 'ধৈৰ্যৰ ফল মিঠা', কল্পনা কলিতাৰ 'বৰষুণৰ বতৰত মইনা নুঠে মটৰত', অনিমা দাসৰ 'পঢ়াশালিৰ অসমীয়া নেওতা', মৃগেন শৰ্মাৰ 'ৰজা মলয়সেন', প্রণীতা শৰ্মাৰ 'বুবু, মাইনা, আইতাৰ ডায়েৰী', ড° ৰোমান শৰ্মাৰ 'দাঁত সৰা বাঘ', ড° থুনু কলিতাৰ 'পশু-পখীৰ মনৰ বতৰা', দুলুমণি শইকীয়াৰ 'জোনাকৰ দেশলৈ যাওঁ ব'লা', হিৰণ শইকীয়া লহকৰৰ 'ল'ৰালিৰ খেল-ধেমালি', ইন্দুমা শইকীয়াৰ 'চিনাকি পৃথিৱী অচিনাকি মানুহ', ড° ইন্দিৰা শইকীয়াৰ 'কণটিলৌ, গুটিমন আৰু ঘুটুকণৰ কাহিনী', কবিতা শইকীয়া ৰাজখোৱাৰ 'এটা হাতীৰ সাধু', জিতুল বৰাৰ 'বিশ্বৰ কুৰিগৰাকী মহান মনীষী' আৰু 'অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য', নিৰুপমা গোস্বামীৰ 'আমাৰ ভাৰত মহান' আৰু 'আমাৰ জানিবলগীয়া সাধু', লক্ষ্মীনাথ বেজবৰুৱাৰ 'এটা বলী মানুহ', 'এটা শিঙৰা মাছৰ কথা', 'ভেকুলীৰ সাধু' আৰু 'মেকুৰী জীয়েকৰ সাধু', প্রশান্ত বৰুৱাৰ 'সখা দেৱদামোদৰ', মিজানুৰ ৰহমানৰ 'আয়তৰ কৌশল', 'অহংকাৰী ময়ূৰ', 'লুভীয়া চৰাই', 'এজনী সৰু ভাটো' আৰু 'বুধিয়ক শহা', ৰবীন বৰৰ ছখন ছবিৰ গ্ৰন্থ 'Kid's Easy Draw & Colour', 'Oil Pastel Junior Artist', 'Mastering Composition Water Colour (Part-I)', 'Mastering Composition Water Colour (Part-II)', 'Kid's Subjec-tive Drawing (Part-I)', 'Kid's Subjective Drawing (Part-II)', ন্যাসৰ দ্বাৰা সম্পাদিত 'Atlas' আৰু 'ভূচিত্ৰাৱলী' উন্মোচন কৰা হয়।