পেট্ৰ'লৰ সলনি তেল ডিপ'ত ওলাল পানী

dainik janambhumi May 22, 2025

ডিজিটেল ডেস্কঃ পেট্র'ল-ডিজেল ভেজালকৰণ কৰি শোণিতপুৰ জিলাৰ একাংশ তেল ডিপ'ৱে গাড়ীৰ গৰাকীৰ মূৰত ৰামটাঙোন শোধোৱাৰ বিপৰীতে এনে দুর্নীতিৰ জৰিয়তে ডিপ'ৰ মালিকে মুনাফা লুটি অহাৰ অভিযোগক পুনৰবাৰ প্ৰমাণ কৰিলে জিলাখনৰ এটা তেল ডিপ'ৱে। সততে পথৰ দাঁতিৰ কেতবোৰ লাইন হোটেল, ধাবাত ভেজাল তেল বিক্ৰী হৈ অহাৰ সময়তে এইবাৰ জিলাখনৰ জামুগুৰিহাটৰ এটা তেল ডিপ'ত ভেজাল তেল বিক্ৰী কৰাৰ প্ৰমাণ পোহৰলৈ অহাত চিন্তিত হৈ পৰিছে বিভিন্ন যান-বাহনৰ গৰাকী।

উল্লেখযোগ্য যে জামুগুৰিহাটৰ টুপীয়াত থকা একমাত্র তেল ডিপ' লতিকা ছার্ভিচ ষ্টেছনত কালি তেলৰ লগত পানী মিহলোৱা ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, টুপীয়াৰ তপন বৰা নামৰ যুৱকজনে নিজৰ চাৰিচকীয়া বাহনখনত পেট্ৰ'ল ভৰাবলৈ উক্ত ডিপ'লৈ গৈছিল। যুৱকজনে এক হাজাৰ টকাৰ পেট্ৰ'ল ভৰাই ডিপ'ৰ পৰা ওলাই কিছুদূৰ যোৱাৰ পাছত হঠাৎ নতুন বাহনখনৰ ষ্টাৰ্ট বন্ধ হৈ পৰে। লগে লগে বাহনখনৰ ডিলাৰক খবৰ দিয়াত ডিলাৰৰ লোক আহি বাহনখন পৰীক্ষা কৰে আৰু গাড়ীৰ ইঞ্জিন বিকল হোৱা বুলি ধৰা পৰে। লগে লগে ইতিপূর্বে ভৰোৱা তেলৰ বাবেই এনে হোৱাৰ সন্দেহ হোৱাত যুৱকজনে পুনৰ তেল ডিপ'টোলৈ আহি এটা প্লাষ্টিকৰ পানী বটলত পুনৰ তেল ভৰোৱাতহে উৰহি গছৰ ওৰ ওলাই পৰে। প্লাষ্টিকৰ বটলটোত তেল ভৰোৱাৰ পাছত যুৱকজনে প্রত্যক্ষ কৰে যে পেট্ৰ'লৰ বটলটোৰ আধাখিনি পানীৰে পৰিপূৰ্ণ। প্রকৃত তেলখিনি বটলটোৰ ওপৰত ওপঙি থকাৰ বিপৰীতে পানীখিনি বটলৰ তলৰ অংশত থাকে। এই ঘটনাৰ পাছতে তেল ডিপ'টোত পেট্ৰ'লৰ লগত পানী মিহলোৱাৰ ঘটনা সত্য প্রমাণিত হয়। ইয়াৰ পাছত তেল ডিপ' কর্তৃপক্ষই যুৱকজনৰ বিকল বাহনখন মেৰামতি কৰি দিয়াৰ দায়িত্ব লৈ মেৰামতি কৰি দিয়ে। অৱশ্যে পেট্র'লত পানী মিহলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছত ডিপ' কর্তৃপক্ষই তেলত পানী মিহলোৱাৰ বিষয়টোৰ বিষয়ে বিভিন্ন কাৰকৰ বাবে এনে ঘটনা ঘটা বুলি যুৱক আৰু আন গ্রাহকক পতিয়ন নিয়াবলৈ যত্ন কৰা দেখা যায়।

জামুগুৰিহাটৰ একাংশ লাইন হোটেলত চোৰাং তেল সৰবৰাহৰ ফলতে এতিয়া এনেধৰণৰ একাংশ তেল ডিপ'ত সুলভ হৈ পৰিছে ভেজাল তেল। বিশেষ সূত্ৰৰ দ্বাৰা এই কথাও গম পোৱা গৈছে যে এই তেল ডিপ 'সমূহত ভেজাল তেল আৰু সাধাৰণ যান- বাহনৰ বাবে অনুপযোগী চোৰাং তেল একাংশ লাইন হোটেলৰ পৰা সৰবৰাহ হয়। এনে ধৰণে গ্রাহকক তেলৰ নামত পানী ভৰাই ৰাম ঠগন দিয়া তেল ডিপ'সমূহক নাকী লগাবলৈ প্রশাসন সক্ষম হ'বনে? নে বৃহৎ ধনৰ অংকত এই কার্য চলি থাকিব?

Share This