কাৰ্বি স্বায়ত্ত পৰিষদৰ অন্তৰ্ৱৰ্তী বাজেট অধিৱেশন, ২০২৬-২৭ বৰ্ষৰ বাবে ৫৬৫৩.৫১ লাখ টকা ধার্য

dainik janambhumi February 26, 2026

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কালি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অন্তৰ্ৱর্তীকালীন বাজেট অধিৱেশন অনুষ্ঠিত হয়। 

অধ্যক্ষ ৰাজু তিচ'ৰ অধ্যক্ষতাত অনুষ্ঠিত ২৫৩সংখ্যক পৰিষদৰ অধিৱেশনত পৰিষদৰ ২০২৬-২০২৭ বৰ্ষৰ ৩১ জুলাইলৈ দা-দৰমহা আৰু অন্যান্য ব্যয়ৰ বাবে অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰা হয়। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অধিৱেশনত ৫৬৫৩.৫১ লাখ টকাৰ অন্তৰ্ৱর্তীকালীন বাজেট দাখিল কৰে। পাছত ইয়াক সদনত সর্বসন্মতিক্রমে অনুমোদন জনোৱা হয়। 

বাজেট দাখিল কৰি মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কয় যে আসন্ন অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছে যাতে পৰিষদৰ কৰ্মচাৰী আৰু উন্নয়নমূলক আঁচনিৰ কোনো অসুবিধা নহয়। তেওঁ পৰিষদৰ ৰাজহ সংগ্ৰহ উৎসৰ উল্লেখ কৰি চলিত বৰ্ষৰ ৩১ জুলাইলৈ চৰকাৰী কৰ্মচাৰীক দা-দৰমহা শিতানত ব্যয়ৰ বাবে ৫৬৫৩.৫১ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে বুলি সদনত জানিবলৈ দিয়ে।

Share This