ডিজিটেল ডেস্ক: ঐতিহাসিক শিৱসাগৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে আন্তর্জাতিক মে-ডাম-মে-ফিৰ। কালিৰে পৰা ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা আন্তর্জাতিক মে-ডাম-মে-ফিৰ অনুষ্ঠানৰ কালি প্ৰথম দিনা ঐতিহাসিক ব'র্ডিং খেলপথাৰৰ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত ৰাইজৰ বিপুল সমাগম দেখিবলৈ পোৱা গৈছে।
তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত ধর্মীয়-আনুষ্ঠানিক কার্যসূচী, সাংস্কৃতিক অনুষ্ঠান, শৈক্ষিক আৰু বৌদ্ধিক আলোচনা, প্রদর্শনী তথা জনসমাগমমূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যিবোৰে টাই-আহোম সভ্যতাৰ সমৃদ্ধ ঐতিহ্য আৰু জীৱন্ত সংস্কৃতিক প্রতিফলিত কৰিব। এই ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ কালি প্রথমদিনা পুৱা ৯ বজাত আনুষ্ঠানিক পতাকা উত্তোলন কৰিলে আয়োজক সমিতিৰ সভাপতি ভৈৰৱ মুণ্ডাই। পুৱা ৯-৩০ বজাত মৈদাম তর্পণ (প্রতীকী মৈদামত শ্রদ্ধার্ঘ নিবেদন), পুৱা ১০ বজাত চাৰিটা শাখাত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হয়। পুৱা ১১ বজাত সদৌ অসম ভিত্তিত 'আহোম ৰাজ্যৰ ধর্মীয় সহিষ্ণুতাঃ সাম্প্ৰতিক প্রেক্ষাপটত অসমৰ সামাজিক ঐক্য ৰক্ষাৰ একমাত্ৰ উপায়' শীর্ষক বিষয়ত তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়।
দিনৰ ভাগত সদৌ অসম ভিত্তিত ইতিহাস সম্পর্কীয় কুইজ প্রতিযোগিতাখন অনুষ্ঠিত হয়। বিয়লি ষ্টিকাৰষ্টৰ্ম দলৰ তত্ত্বাৱধানত ষ্টার্টআপ আৰু উদ্যোগী শীর্ষক সভা অনুষ্ঠিত হয়। সন্ধিয়া বুৰঞ্জী গৱেষক, প্রকৃতিবিদ, ইউনেস্ক'ৰ ৱাই ই চি এ পি আৰু UNDP এছিয়া পেচিফিক ইনডিজেনাছ ফেল' ড° হেমজিৎ দেওধাই ফুকনে অংশগ্ৰহণ কৰি টাই আহোমৰ ঐতিহ্য, পৰম্পৰা আৰু দৰ্শন প্ৰকৃতিৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ভাষণ প্রসংগত তেওঁ কয় যে পাটকাই সভ্যতাৰ জৰিয়তে টাই আহোমৰ সম্ভ্রান্তৰ ইতিহাস ৰচনা হৈছে। পাটকাই সাম্প্ৰতিক সময়ত সংকটৰ সন্মুখীন হোৱাটো টাই আহোম সভ্যতাৰ বাবে চিন্তনীয়। সেয়েহে পাটকাই ৰক্ষাৰ বাবে মাত মতাটো উচিত বুলি মন্তব্য কৰে।
আজি অর্থাৎ দ্বিতীয় দিনা পুৱা ৫ বজাত অসম অলিম্পিক সংস্থাৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঐতিহ্য মাৰাথন দৌৰ, পুৱা ৮ বজাত মে-ডাম-মে-ফিৰ পৰম্পৰাগত আচাৰ-অনুষ্ঠান, পুৱা ৯ বজাত ঐক্য আৰু সমন্বয় বিষয়ত সাংস্কৃতিক শোভাযাত্রা, পুৱা ১১ বজাত অনুষ্ঠিত হ'য় মুকলি সভা। উপস্থিত থাকিব অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়কৰ লগতে থাইলেণ্ড, ভিয়েটনাম আৰু লাওচৰ আন্তর্জাতিক টাই প্রতিনিধিয়ে। বিয়লি ৫ বজাত 'সমন্বয় আৰু একক দৃষ্টিভংগীৰ জৰিয়তে স্থানীয় যুৱ সংগঠনসমূহৰ শক্তিশালীকৰণ' বিষয়ত স্থানীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ এখন সভা অনুষ্ঠিত হ'ব। নিশা ৮ বজাত 'সাঁচিপাতৰ পুথিৰ পৰা মই গমধৰে কৈছোঁ' ঐতিহাসিক নাটকখন মঞ্চস্থ কৰা হ'ব। প্রতিটো অনুষ্ঠানতেই সকলোৰে সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।