সমগ্ৰ কাৰ্বি আংলঙত ইণ্টাৰনেট কৰ্তন, আৰক্ষীৰ গুলীত নিহত কাৰ্বি যুৱক 

dainik janambhumi December 24, 2025

ডিজিটেল ডেস্ক: পি জি আৰ-ভি জি আৰৰ উচ্ছেদৰ দাবীত উত্তাল হৈ পৰা খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে অৱশেষত কঠোৰ পদক্ষেপ লৈ প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীচালনাত প্ৰতিবাদকাৰীসকলৰ চিংথি তিমুং নামৰ এজন নিহত হয়। 

উল্লেখযোগ্য যে কপিলী নদীৰ দলঙৰ পশ্চিম দিশত অৱস্থান কৰা প্রতিবাদী কার্বি জনতা নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পৰিস্থিতি ক্ৰমাৎ জটিল কৰি পেলায় আৰু আৰক্ষীলৈ শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। খেৰণিত বাহৰ পাতি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই থকা আই জি পি (আইন-শৃংখলা) অখিলেশ সিঙে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতে প্রতিবাদকাৰীৰ শিলাবৰ্ষণৰ ফলত গুৰুতৰভাৱে আহত হয়। 

আনহাতে প্রতিবাদকাৰীৰ শিলাবৰ্ষণত দুগৰাকী মহিলা আৰক্ষী জোৱানৰ লগতে মুঠ ৩৮ গৰাকী আৰক্ষী জোৱান আঘাতপ্রাপ্ত হয়। ইয়াৰ পাছতেই আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে আৰু লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্রয়োগ কৰাৰ উপৰি গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীচালনাৰ ফলত চিংথি তিমুং নামৰ এজন প্ৰতিবাদকাৰীৰ দেহত গুলী লাগে আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। আৰক্ষীৰ গুলীচালনাৰ লগে লগে প্রতিবাদকাৰীসকল ছত্রভংগ দিয়া বুলি জানিব পৰা গৈছে। পৰিস্থিতি বাতৰি লিখা পৰলৈকে আৰক্ষীৰ নিয়ন্ত্রণাধীন বুলি জানিব পৰা গৈছে। প্রতিবাদকাৰীসকলে অৱস্থান কৰা স্থান ত্যাগ কৰিছে যদিও প্রতিবাদকাৰীসকল পুনৰ সেই স্থানলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। ইফালে পি জি আৰ-ভি জি আৰ ভূমিত উচ্ছেদৰ দাবীত উত্তাল হৈ পৰা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰু সামাজিক মাধ্যমযোগে বিভিন্ন উৰা বাতৰি আৰু প্ৰতিবাদকাৰীসকল সংগঠিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত দুয়োখন পাৰ্বত্য জিলাৰ জিলা প্রশাসনে বিয়লি ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ ইণ্টাৰনেট কর্তন কৰে। 

উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগতে কালি পুৱাৰে পৰা খেৰণিৰ কপিলী নদীৰ দুয়োপাৰ উত্তাল হৈ থাকে। খোদ আৰক্ষী সঞ্চালক প্রধান হৰমিত সিং আৰু আই জি পি অখিলেশ সিঙে খেৰণিত বাহৰ পাতি থাকিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। কালি পুৱাৰে পৰা গোটেই দিনটো প্রতিবাদকাৰীসকলে কপিলী নদীৰ পশ্চিম পাৰত অৱস্থান কৰি তাণ্ডৱ চলোৱাৰ ফলত বিয়লি আৰক্ষীয়ে গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়। আনহাতে, উক্ত গুলীচালনা-কাণ্ডত এজন যুৱকৰ মৃত্যু ঘটাৰ পাছত দুয়োখন জিলা প্রশাসনে সামাজিক মাধ্যমক নিয়ন্ত্ৰণলৈ অনাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰে। 

শেহতীয়াকৈ জানিব পৰা মতে, খেৰণিৰ ভস্মীভূত বজাৰত অগ্নিনির্বাপক বাহিনীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে। দোকান দি ব্যৱসায় কৰি থকা মৃতদেহটো দিব্যাংগ সুৰজ দে'ৰ বুলি আৰক্ষী সূত্রত প্রকাশ। ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফৈয়জ আহমেদ বৰভূঞাক শাস্তিমূলকভাৱে কোকৰাঝাৰলৈ বদলি কৰা হয়। নয়ন বর্মনক তেওঁৰ স্থলাভিষিক্ত কৰা হৈছে।

Share This