'২৬ৰ নিৰ্বাচন নিয়ন্ত্ৰণ কৰিব আই এছ আয়ে

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্ক : অহা বছৰ অনুষ্ঠিত হ'ব লগীয়া অসম বিধানসভাৰ নিৰ্বাচনত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে নিজৰ প্ৰভাৱ খটুৱাব বিচাৰিছে। তেওঁলোকে বিচাৰিছে বিশেষ কোনোবা এটা দল জয়ী হোৱাটো। ইতিমধ্যে ছ'চিয়েল মিডিয়াত তেওঁলোকে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰিছে। বুধবাৰে দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। স্পষ্টভাৱে তেওঁ কয়- 'ফেচবুকত বিজেপিৰ বিৰুদ্ধে লিখি থকাসকলৰ আধা সংখ্যকেই পাকিস্তান আৰু বাংলাদেশৰ লোক। আমি দুই হাজাৰ একাউন্ট এছ বিক চাবলৈ দিছোঁ। অসমৰ নিৰ্বাচনৰ ওপৰত দুই হাজাৰ ফেচবুকে কমেন্ট কৰি আছে বহুত বঢ়িয়া, গুড আদি। কিন্তু দুই হাজাৰৰ আধাই হৈছে বাংলাদেশ আৰু পাকিস্তানৰ।' আনহাতে, নির্বাচনৰ সময়ত এই সংখ্যা আৰু বাঢ়িব বুলি জনাই তেওঁ লগতে কয়, 'আই এছ আয়ে বিচাৰে কোনোবা জয়ী হোৱাটো। এই সন্দর্ভত অহা দহ ছেপ্টেম্বৰত মই ভালদৰে ক'ম। পাকিস্তানৰ আই এছ আয়ে বিচাৰে অসমৰ ৰিজাল্টটো এনেকুৱা হ'ব লাগে। সেই কাৰণে আমাৰ ফে'চবুকত তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছে।' 

আনহাতে, অসমৰ বাবে এয়া এক ভয়ংকৰ কথা বুলি মত প্রকাশ কৰি তেওঁ লগতে কয়, 'এটা কমিউনিটিৰ দুই হাজাৰ একাউণ্ট এদিনত এড হৈছে। আনকি কলকাতাত এটা কল্ চেণ্টাৰো বহুৱাই লোৱা হৈছে।' অৱশ্যে, মুখ্যমন্ত্রীয়ে এই সকলো কথা তেওঁৰ নজৰত আছে বুলি জনাই লগতে কয়, 'মই ভাবোঁ অহা দহ ছেপ্টেম্বৰৰ পাছত অসমৰ ৰাজনীতি সলনি হৈ যাব। মোক ভাবুকি দিয়ে দিয়ক, চব কৰক।' কিন্তু অসমৰ মানুহৰ আশীর্বাদ থাকিলে চুলি এডালো লৰাব নোৱাৰে। সেই কাৰণে টেনশান লৈ লাভ নাই। এনেয়েও হিন্দুসকলে বিশ্বাস কৰে জীৱন আৰু মৃত্যু ভগৱানৰ ওচৰত।' ইফালে, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ যুঁজ হ'ব বুলি কালি কৰা মন্তব্যৰো বুধবাৰে প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। গগৈক কটাক্ষ কৰি তেওঁ কয়, 'এইবাৰ বিদেশী আৰু ভাৰতীয়ৰ মাজত যুঁজ হ'ব। যাৰ ঘৰৰ চাৰিগৰাকীৰ ভিতৰত তিনিগৰাকীয়েই হৈছে বিদেশী। গতিকে, তেওঁলোকৰ নিজৰ মাজতে যুঁজ হৈ থাকিব। ভাৰত ডাঙৰ নে ব্রিটেইন ডাঙৰ সেই কথাটোতে যুঁজ হ'ব। বাকী ক্ষেত্রত একো যুঁজ নহয়।' অৱশ্যে, ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা হ'লে যুঁজ হ'লহেঁতেন বুলি জনাই তেওঁ কয় যে সাধাৰণ লোকৰ ঘৰৰ ব্যক্তি বুলি ভূপেন বৰাৰ প্ৰতি ৰাইজৰ সহানুভূতি থাকিলেহেঁতেন আৰু আমাৰ মাজত যুঁজ হ'লহেঁতেন। ভূপেন বৰাই পঞ্চায়ততো যোৰহাটক বাদ দি ভাল ৰিজাল্ট কৰিছে। যোৰহাটৰ ৰিজাল্টে তেওঁক ডুবালে। পৰম্পৰাগত ঠাইতো তেওঁলোকে ভাল ৰিজাল্টেই কৰিছে। অতিৰিক্ত আশা কৰিছিল যোৰহাটত। কিন্তু যোৰহাটত হৰাৰ বাবে ৰিজাল্টটো বেয়া হৈ গ'ল। ভূপেন বৰাই আনকি ৰঙানদীতো এখন আসন লাভ কৰিছিল। 

ৰাভা হাছঙত কেতিয়াও কংগ্রেছে নিজিকে, এইবাৰ ভূপেন বৰাই খাটাও খুলিছে।' আনহাতে বিজেপিক এটা অদৃশ্য শক্তিয়ে সহায় কৰি থাকে বুলি জনাই তেওঁ কয় যে নির্বাচনত জিকাত মানুহৰ লগতে সনাতন ধর্মত বিশ্বাস কৰা দল হিচাপে বিজেপিক এটা অদৃশ্য শক্তিয়ে সহায় কৰি থাকে। দহ ছেপ্টেম্বৰৰ পাছত আৰু বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব। ইফালে, গহপুৰত কনকলতা বিশ্ব বিদ্যালয়খন হোৱাৰ পাছত তাৰ মানুহে আমাক ভোট নিদিয়াকৈ থাকিব নেকি বুলি প্রশ্ন উত্থাপন কৰি তেওঁ কয় যে অসমৰ দুই-এজনমান বাতৰিকাকতৰ মালিকে ভাবে তেওঁলোকে অসমখন চলায়। কিন্তু এই ৰূপকথাটো মই বহুবাৰ ভাঙিছোঁ। গুৱাহাটীত থাকি তেওঁলোকে ভাবে বিজেপিক হৰুৱাই দিম। এই মানুহকেইজনৰ বাহিৰে সকলো লোকেই বিজেপিৰ সৈতে আছে। ইফালে, গৌৰৱ গগৈ প্রদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত বিজেপিৰ ৰণ-নীতি সলনি হ'ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, 'একো সলনি নহয়। কনকলতা বিশ্ববিদ্যালয়, অৰুণোদয়, মহিলা উদ্যমিতা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, বড়ো চুক্তি, বৰাক-ব্ৰহ্মপুত্ৰ, অসমলৈ অহা শান্তি-সমন্বয় আৰু সৰুকৈ হিমন্ত বিশ্ব শৰ্মা, ৰণোজ পেণ্ড, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গার্লোছা আদি আছে আৰু কি লাগে আমাক? চলি যাব এনেকৈ?

Share This