ডিজিটেল ডেস্ক: অসমৰ শেষ প্রান্তত অসম-অৰুণাচল সীমান্তৰ পাটকাইৰ পাদদেশত অৱস্থিত ঔদ্যোগিক চহৰ হ'ল নামৰূপ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি এই স্থানত উপস্থিত হৈ শিলান্যাস কৰে দহ হাজাৰ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া নামৰূপ সাৰ কাৰখানাৰ নতুন গোট অসম ভেলী ফার্টিলাইজাৰ কেমিকেল কোম্পানী লিমিটেডৰ।
ইয়াৰ লগে লগে চহৰখনৰ ঔদ্যোগিক সভ্যতাত সংযোজন হ'ব এক দিগন্ত। অৱশ্যে, ঐতিহাসিকভাৱেও এই প্রান্তীয় চহৰখনৰ অসমৰ ইতিহাসত গুৰুত্ব অপৰিসীম। ১২২৮ চনত স্বৰ্গদেউ চ্যুকাফাই ১৬ বছৰীয়া যাত্ৰাৰ অন্তত নামৰূপত উপস্থিত হৈ মুং ডুং চুং খাম অর্থাৎ সোণোৱালী শস্যৰ দেশ হিচাপে এই ভূ-খণ্ডত এই সোণালী অধ্যায়ৰ পাতনি মেলিছিল। এই নামৰূপৰে সমীপৱর্তী দিহাং নদীত ১৮২৫ চনত ব্রিটিছ বিষয়া কেপ্টেইন উলক্সৰ দ্বাৰা কয়লা আৰু নামৰূপৰ পৰা নাতিদূৰৈত থকা নামচিকত খাৰুৱা তেলৰ অৱস্থিতি আৱিষ্কাৰ কৰে। ইয়াৰ পাছতে ১৮৩৬ চনত পৃথিৱীৰ প্রথম প্রণালীবদ্ধ চাহ খেতিৰ আৰম্ভ হয় নামৰূপৰ নিকটৱৰ্তী অঞ্চল জয়পুৰত।
স্বৰাজোত্তৰ ভাৰতৰ প্রথম খাৰুৱা তেল আৰু গেছ ১৯৫২ চনত আবিষ্কাৰ হয় নাহৰকটীয়াত আৰু তেতিয়াৰে পৰা নামৰূপত ঔদ্যোগিক সভ্যতাৰ উকমুকনি হয়। পার্শ্বৱর্তী অঞ্চলত খাৰুৱা তেল আৰু গেছ সহজলভ্য হোৱাৰ বাবেই ১৯৬১ চনত ভাৰত চৰকাৰে ফার্টিলাইজাৰ কৰ্প'ৰেশ্যনৰ অধীনত নামৰূপত সাৰ কাৰখানা স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে আৰু ১৯৬৬ চনৰ ১ জানুৱাৰীত অসমৰ তদানীন্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহাই দেশৰ প্ৰথমটো গেছ-ভিত্তিক সাৰ কাৰখানাৰ শিলান্যাস কৰে আৰু ১৯৬৯ চনত এই উদ্যোগটো উৎপাদনক্ষম হৈ উঠে। ইয়াৰ লগে লগে ১৯৬৫ চনত গেছ-ভিত্তিক নামৰূপ তাপবিদ্যুৎ প্রকল্প আৰু ১৯৭৬ চনত অসম পেট্ৰ'ৰাসায়নিক প্রকল্প স্থাপন হৈ এক ঔদ্যোগিক সভ্যতাৰ গঢ় দিলে আৰু নামৰূপৰ এটা নতুন পৰিচয় গঢ়ি তুলিলে। নামৰূপ চহৰৰ মেৰুদণ্ডস্বৰূপ নামৰূপ সাৰ কাৰখানাক লৈ গঢ়ি উঠিল ব্যৱসায়-বাণিজ্যৰ অনুষ্ঠান-প্রতিষ্ঠান। ইয়াৰ পৰৱৰ্তী পর্যায়ত ১৯৭৬ চনত সাৰ কাৰখানাৰ দ্বিতীয় গোট (বছৰি ৩.৩৩ লাখ মেট্রিকটন উৎপাদনক্ষম) আৰু ১৯৮৬ত তৃতীয়টো গোট (বছৰি ৩.৮৩ লাখ মেট্রিকটন উৎপাদনক্ষম) স্থাপন কৰা হয়। এটা ৰাসায়নিক সাৰ উদ্যোগৰ আয়ুসকাল ১৫-২০ বছৰ। কিন্তু নামৰূপ সাৰ কাৰখানাৰ বিষয়া কৰ্মচাৰীৰ প্ৰচেষ্টাত এই উদ্যোগটোৱে ৩৫-৪০ বছৰ পাৰ হৈ যোৱাৰ পাছতো উৎপাদনক্ষম হৈ আছে।
আয়ুসকাল উকলি যোৱা উদ্যোগটোৰ পুনৰ উদ্ধাৰৰ বাবে দুটা দশকৰ আন্দোলনৰ পাছত বহু প্রতিশ্রুতি, সংগ্ৰামৰ অন্তত নতুন গোট (বছৰি ১২.৭ লাখ মেট্রিকটন উৎপাদনক্ষম) অসম ভেলি ফার্টিলাইজাৰ কেমিকেল কোম্পানী লিমিটেড গঠনৰ কেবিনেটত সিদ্ধান্ত হ'ল। ইয়াৰ পাছতে আহিল বহু প্রতীক্ষিত ক্ষণ। আজি দেশৰ প্রধানমন্ত্রীয়ে নামৰূপত উপস্থিত হৈ নতুন উদ্যোগটোৰ শিলান্যাস আৰু ভূমি পূজন কৰে। পূৰ্বৰ গোটটোতকৈ প্রায় তিনিগুণ অধিক উৎপাদনক্ষম এই গোটটোৱে পূৰণ কৰিব সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ খেতিয়কৰ সাৰৰ চাহিদা। সঞ্জীৱনী আনিব অকালতে মৰহি যোৱা ঔদ্যোগিক চহৰখনৰ প্রাচুর্যতাত। স্বৰ্গদেউ চ্যুকাফাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীলৈকে নামৰূপ সাক্ষী হৈ ৰ'ব এক দীঘলীয়া বর্ণিল পৰিক্ৰমাৰ। এক কথাত ঔদ্যোগিক মানচিত্রত ন-ৰূপত জিলিকিব নামৰূপ।