জাগীৰোডত প্ৰেমজনিত কাৰণত যুৱকৰ চৰমপন্থা

Rashmi May 03, 2025

ডিজিটেল ডেস্কঃ জাগীৰোডৰ শিলভঙাত সংঘটিত হয় এক শোকাৱহ ঘটনা। প্ৰেমজনিত কাৰণত যুৱকে ল’লে চৰম পথ। অভিযোগ অনুসৰি স্থানীয় এগৰাকী যুৱতীৰ সৈতে দুবছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল হাফিজুৰ ৰহমান নামৰ প্ৰায় ৩২ বছৰীয়া যুৱকজনৰ। মাজে সময়ে হৈ থকাৰ দৰেই আজিও প্ৰেমিকাৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ উমান পাইছিল পৰিয়ালৰ লোকে। 

পুৱা হাফিজুৰক নিজৰ কোঠাত নেদেখাত বিচাৰ-খোঁচাৰ কৰি শৌচাগাৰৰ ভিতৰত চুৰ্নীৰে চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰেমজনিত কাৰণতে হাফিজুৰ ওৰফে বাবুৱে এনে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ’ল। 

ঘটনাস্থলীত দণ্ডাধীশ আৰু জাগীৰোড আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। আনহাতে এই ঘটনাৰ পাছতে প্ৰতাৰক প্ৰেমিকাৰ ঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱকজনৰ বন্ধুবৰ্গ আৰু জাগীৰোড আঞ্চলিক আমছুৰ কৰ্মকৰ্তাসকলে৷ 

এগৰাকী সৰবৰহী যুৱকৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This