জাগীৰোড আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী; চেন্নাইৰ পৰা উদ্ধাৰ অসমৰ তিনি কিশোৰী

Nikimoni Kachari December 31, 2025

ডিজিটেল ডেস্ক: জাগীৰোড আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী৷ সুদূৰ চেন্নাইৰ কইম্বাটুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তিনি কিশোৰীক৷ লগতে আৰক্ষীৰ জালত পৰে নাৰী সৰবৰাহকাৰী সবিতা দাস।

ঘটনা অনুসৰি যোৱা ১৫ ডিচেম্বৰত জাগীৰোডৰ বিহিতা গাঁৱৰ পৰা নিখোজ হৈছিল দুগৰাকী কিশোৰী৷ কিশোৰী দুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে৷  তদন্তত সুদূৰ চেন্নাইত কিশোৰী দুগৰাকীৰ অৱস্থিতি লাভ কৰে আৰক্ষীয়ে৷ 

সেই অনুসৰি জাগীৰোড আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া মুন শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চেন্নাইৰ কইম্বাটুৰৰ ত্ৰিপ্পুৰা অঞ্চলৰ এটা কোঠাত আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে জাগীৰোডৰ দুই কিশোৰীৰ লগতে নগাঁও বঢ়মপুৰৰ আন এগৰাকী কিশোৰীক৷ 

আনহাতে সেই স্থানৰ পৰাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় শিলচৰৰ সবিতা দাস নামৰ নাৰী সৰবৰাহকাৰীক৷ 

উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল একাংশ যুৱতী, কিশোৰীক কামৰ প্ৰলোভনেৰে চেন্নাইলৈ নি পৰৱৰ্তী সময়ত দেহ ব্যৱসায়ত লিপ্ত কৰায় এইগৰাকী মহিলাই ৷ ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 140(3) ধাৰাৰ অধীনত 312/25 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে জাগীৰোড আৰক্ষীয়ে ৷

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This