ডিজিটেল ডেস্কঃ শিৱসাগৰ আৰু যোৰহাট জিলাৰ সংযোগস্থল জাঁজী নদীৰ দলঙৰ দুয়োপাৰে এতিয়া মানুহৰ ভিৰ দিনটোৰ দুয়োবেলা। স্থানীয় লোকৰ উপৰি অসমৰ বিভিন্ন ঠাইৰ মানুহৰ সমাগম হয় এই দিনকেইটাত। জাঁজী অঞ্চলৰ ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষত প্রতি বছৰৰ দৰে এইবাৰো আৰম্ভ হৈছে গ্ৰীষ্মৰ ৰসাল ফল লিচুৰ বিখ্যাত বজাৰখন।
সচৰাচৰ মে' মাহৰ দ্বিতীয়-তৃতীয় সপ্তাহৰ পৰা জুলাই মাহৰ মাজভাগলৈ প্ৰতিদিনে পুৱাৰ পৰা সন্ধিয়ালৈকে বহা এই বজাৰখন এইবছৰো সোৱাদভৰা লিচুৰ সম্ভাৰ লৈ আৰম্ভ হৈছে। বৰ্তমান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ- যাহ কৰা যান-বাহনৰ আৰোহীসকলে বাহন ৰখাই ক্ৰয় কৰিছে লিচু। আপুনি যদি এই পথেদি উজনি বা নামনিলৈ অহা-যোৱা কৰিছে, তেন্তে নিশ্চয় প্রত্যক্ষ কৰিছে প্ৰতি বছৰে এই বিশেষ সময়ছোৱাত বহা এই বিশেষ বজাৰখন। হয়তো আপুনিও খন্তেক ৰৈ বজাৰখনৰ বিক্রেতাসকলৰ পৰা ক্ৰয় কৰিছে সোৱাদ লগা ৰসাল লিচু।
এইবছৰো বিগত ৬/৭ দিনৰ পৰা বজাৰখন ভৰি পৰিছে লিচুৰে। হাতে হাতে লিচুৰ মুঠা লৈ বিভিন্ন যান-বাহনৰ আৰোহীৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যস্ত হৈ পৰিছে জাঁজী চূড়ামণি মুছলিম গাঁৱৰ মুঈন, মিন্টু, ধনটি, ৰোজ, মুছফিক, ৰঙাই, ইউছুফ, বুবুল মকবুল, ৰাজাক আদি যুৱক তথা ব্যক্তিসকল। বিগত বৰ্ষৰ তুলনাত এইবছৰ এই বজাৰখনত লিচুৰ দাম কিছু বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে লিচু গছৰ গৰাকীসকলৰ লিচুৰ দাম বৃদ্ধি। ফলত বিক্রেতাসকলেও প্রতি ১০০টা লিচুৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হোৱা বুলি প্রকাশ কৰিছে লিচু বিক্রেতাসকলে। ইফালে বজাৰখনৰ গৰিষ্ঠসংখ্যক বিক্রেতাই সততাৰে লিচু বিক্ৰী কৰি আহিছে যদিও দুই-এক অসাধু বিক্রেতাৰ বাবে এই বিখ্যাত বজাৰখনৰ কিছু বদনাম নোহোৱাও নহয়। প্রতিমুঠাত ১০০টা লিচু থাকে যদিও কিছু কিছু গ্ৰাহকৰ অভিযোগ প্রতিমুঠাত ৭০-৮০টা লিচুহে থাকে।
ইয়াৰ বিপৰীতে বিক্রেতাসকলৰ দাবী প্রতিমুঠাত ১১০-১২০টা -১২০টা লিচু থাকে। যিকি নহওক এই লিচু বজাৰখন জাঁজী অঞ্চলৰ বহু পৰিয়ালৰ জীৱিকাৰ অন্যতম উৎসত পৰিণত হৈছে। জাঁজী মুছলিম গাঁৱৰ প্ৰতিঘৰ মানুহতে আছে একাধিকজোপা লিচু গছ। তদুপৰি জাঁজীৰ আশে-পাশে থকা গাঁওসমূহৰ পৰাও লিচু বিক্ৰী কৰিবৰ বাবে ইয়াত উপস্থিত হয় বিক্রেতা। নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিছে গৃহস্থই লিচু গছসমূহ। বাদুলি বা অন্যান্য চৰাইৰ পৰা লিচুসমূহ ৰক্ষা কৰিবৰ বাবে জালেৰে গছজোপাৰ ওপৰ অংশ আবৃত কৰাৰ লগতে নিশাৰ ভাগত গছৰ ওপৰত জ্বলাই ৰাখিছে বিজুলী চাকি। লিচু ব্যৱসায়ীসকলে গছ হিচাপে অথবা হাজাৰ হিচাপে লিচু ক্ৰয় কৰে।
এইবছৰ গুটি অনুপাতে এজোপা গছৰ দাম নির্ধাৰিত হৈছে ৮০০০-১০০০০ টকা। বিক্রেতাসকলে জনোৱা মতে দৈনিক গড় হিচাপে তেওঁলোকে ২০০০-১০০০০ টকা পর্যন্ত লিচু বিক্ৰী কৰিছে। শনিবাৰ আৰু দেওবাৰে ইয়াৰ পৰিমাণ কিছু বৃদ্ধি পায়। আনহাতে, জাঁজী অঞ্চলত লিচুৰ উৎপাদন চাহিদা অনুপাতে পর্যাপ্ত নোহোৱাত ব্যৱসায়ীসকলে চামগুৰি, নামতি চাৰিআলি, চেলেংহাট আদি অঞ্চলৰ লিচু সংগ্ৰহ কৰে বুলি জানিবলৈ দিয়ে। আপুনিও আহক এবাৰ জুতি লওক উজনি অসমৰ ভিতৰতে অন্যতম জাঁজীৰ লিচুৰ বজাৰৰ ৰসাল লিচুৰ। উল্লেখযোগ্য যে লিচুৰ ক্রমবর্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বহু যুৱকে নিজৰ বাৰীত লিচু পুলি ৰুবলৈ আৰম্ভ কৰিছে। এইক্ষেত্ৰত চৰকাৰী পক্ষক এক যোগাত্মক পদক্ষেপ ল'বলৈ উদ্যমী যুৱকসকলে আহ্বান জনাইছে।