ডিজিটেল ডেস্কঃ মহানগৰৰ জালুকবাৰীত এগৰাকী সাধাৰণ ফলৰ দোকানীৰ ওপৰত আৰক্ষীয়ে দেখুওৱা গুণ্ডাগিৰিৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই চৌদিশে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ব্যৱসায়ীসকলক ৰাজপথত দোকান নিদিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল প্রশাসনে। যাৰ পৰিপ্ৰেক্ষিতত কালি পথত দোকান দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল। কিন্তু আৰক্ষীৰ অভিযানৰ সময়তে পেটৰ ভাতমুঠি যোগাৰৰ বাবে এখন ঠেলাত ফল লৈ বিক্ৰী কৰিবলৈ ওলাই অহা ৰফিকুল ইছলাম নামৰ ব্যৱসায়ীজনে আৰক্ষী অহা দেখি লৰালৰিকৈ ফলৰ ঠেলাখন লৈ পথৰ পৰা আঁতৰি গৈছিল।
কিন্তু তাৰ পাছতো ক্ষমতাত বলীয়ান কেইজনমান আৰক্ষীৰ হাতৰ পৰা ৰক্ষা নপৰিল ব্যৱসায়ীগৰাকী। আইন ৰক্ষাৰ অচিলাৰে আৰক্ষীয়ে খেদি খেদি ক্ষুদ্র ফল ব্যৱসায়ী ৰফিকুলৰ ফল-মূলৰ ঠেলাখনেই বগৰাই দিলে। পথৰ দাঁতিৰ নলা, পথত সিঁচৰিত হৈ পৰিল ব্যৱসায়ীজনৰ হাজাৰ হাজাৰ টকা মূল্যৰ ফল।
উল্লেখযোগ্য যে আইন ৰক্ষাৰ নামত এনেদৰে খাকী পোছাকধাৰীৰ গুণ্ডাগিৰিয়ে সাধাৰণ ব্যৱসায়ীৰ ওপৰত চলোৱা এই হাৰাশাস্তিৰ পাছতে আৰক্ষীৰ এনে কাৰ্যত সকলোৱে নিন্দা প্রকাশ কৰিছে। আনহাতে দুখীয়া, দৰিদ্ৰ আৰু নিৰ্বল মানুহ দেখিলেই বৰমতা দেখুওৱা অসম আৰক্ষীৰ 'জনসেৱাৰ্থে, জনহিতাৰ্থেৰ প্ৰকৃত স্বৰূপ এয়াই নেকি বুলিও সচেতন ৰাইজে প্রশ্ন উত্থাপন কৰিছে।
উল্লেখযোগ্য যে গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইত আৰক্ষী, পৌৰ নিগমে পদপথ ব্যৱসায়ীসকলক উচ্ছেদ কৰি বিভিন্ন হাৰাশাস্তি চলাই আহিছে। কিন্তু মহানগৰৰ বিভিন্ন পদপথ ব্যৱসায়ৰ লগত বহু শিক্ষিত যুৱক জড়িত হৈ আছে। যিসকলে উচ্চ শিক্ষা গ্রহণ কৰি চৰকাৰী চাকৰিৰ কোনো সুযোগ নাপাই এনেদৰে পদপথত দোকান দিব লগা হৈছে। পৰিতাপৰ কথা যে ৰাজ্যৰ বিজেপি-নেতৃত্বাধীন চৰকাৰখনে ২০১৬ত চৰকাৰ গঠনৰ লগে লগে গুৱাহাটীৰ পদপথ ব্যৱসায়ীসকলক পৰিচয়-পত্ৰ আৰু ৰেজিষ্ট্ৰেশ্যন চার্টিফিকেট প্রদান কৰা হ'ব বুলি প্রতিশ্রুতি প্রদান কৰিছিল। কিন্তু তেনে প্রতিশ্রুতি এতিয়া প্ৰহসনত পৰিণত হৈছে।