ডিজিটেল ডেস্ক: যোৱা তিনিদিন ধৰি লক্ষ লক্ষ ভকত-বৈষ্ণৱৰ পদধূলাৰে ধন্য হোৱা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্র কালি নিজম পৰে।
বিৰ দি বাট নোপোৱা ১৫০০ বিঘা মাটিত নিসংগ হৈ ৰ'ল বিশাল পতাকা বেদী, শশ প্রতিনিধিৰ শিবিৰ, সুবিশাল মূল মঞ্চ, আটকধুনীয়া তোৰণ আৰু প্রদর্শনীস্থলী। এতিয়া মাথোঁ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত চলিছে বিদায়ৰ প্রস্তুতি। পুৱতি নিশাই হাজাৰ হাজাৰ ভকত স্বগৃহলৈ প্ৰত্যাৱৰ্তন হোৱাৰ সমান্তৰালকৈ কালি বিভিন্ন বিপণী, টেন্ট হাউছৰ অসংখ্য আচ-বাব গাড়ীত তুলি থকাৰ দৃশ্য, লাইট, ছাউণ্ডৰ সামগ্ৰী সামৰাৰ দৃশ্যহে এতিয়া দেখা গৈছে।
উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বার্ষিক অধিৱেশন উপলক্ষে যোৱা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত লাখ লাখ ভকতৰ সমাগম হোৱা জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ আজি নীৰৱ নিতাল পৰিৱেশ। দেওবাৰে নিশাৰ ভাগত অধিৱেশনৰ সামৰণি পৰাৰ লগে লগে দূৰ-দূৰণিৰ ভকত-বৈষ্ণৱে নিশাই ঘৰমুৱা হোৱাৰ লগতে থাকি যোৱা ভকত-বৈষ্ণৱসকলো কালি পুৱাৰ ভাগত ঘৰমুৱা হয়।
তিনিদিন অধিৱেশনস্থলীত থাকি গুৰুজনাৰ আদৰ্শ সাৰোগত কৰি কৃষ্ণ ভকতিত গদগদ হোৱা দূৰ-দূৰণিৰ ভকত-বৈষ্ণৱে অধিৱেশনস্থলী এৰাৰ সময়ত আৱেগিক হৈ পৰিছিল। গুৰুজনাৰ গুণানুকীৰ্তন তথা কৃষ্ণ ভক্তিৰ প্ৰাৰ্থনা কৰি ঘৰমুৱা হোৱা বহু ভকত-বৈষ্ণৱক দেখা গ'ল ক্ৰন্দনৰত অৱস্থাত।
জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰৰ অলেখ স্মৃতি বুকুত বান্ধি ঘৰমুৱা হোৱা উজনি-নামনিৰ ভকত-বৈষ্ণৱে অধিৱেশনস্থলী এৰি যোৱাৰ সময়ত দিলে 'জয়তু শ্রীমন্ত শংকৰদেৱ' ধ্বনি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব লখিমপুৰত। ইয়াৰ বাবে কালি সন্ধিয়াৰ ভাগত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা গায়ন-বায়নৰে শোভাযাত্ৰা কৰি গাড়ীত উঠাই লৈ যোৱা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা।
ইফালে যোৱা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অতি সুশৃংখলিতভাৱে অধিৱেশনখনি সফল সমাপ্তি ঘটাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৯৫সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি প্রভাকৰ বৰ্মন, কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু সাধাৰণ সম্পাদক বিপুল বৰাই। মুঠৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিশাল অধিৱেশনে ৰাইজক দি গ'ল গুৰুজনাৰ প্ৰতি অপাৰ শ্ৰদ্ধা আৰু তেওঁৰ আদৰ্শ বিশ্বমুখী কৰাৰ চেষ্টাৰ অনুপ্ৰেৰণা।
ইফালে দেওবাৰে সন্ধিয়া ৫ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা সম্বৰণ কৰাৰ লগতে লখিমপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া ৯৬সংখ্যক অধিৱেশনৰ বাবে ধৰ্মধ্বজা প্ৰদান কৰা হয়। লখিমপুৰৰ পৰা আগমন ঘটা এটি ভকতৰ দলে ধৰ্মধ্বজাভাগ মূৰৰ ওপৰত তুলি লখিমপুৰলৈ বুলি যাত্ৰা কৰে।