ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত দেওবাৰে শৰণাচাৰ্যৰ ওচৰত শৰণ লৈ হিন্দু সনাতন ধৰ্ম গ্ৰহণ কৰিলে কুসুমটোলা পিঠাগুৰিৰ বাসিন্দা ইছলাম ধৰ্মাৱলম্বী লোক ৰুবুল আলীৰ পৰিয়ালে৷
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শৰণাচাৰ্য পোনাৰাম গোহাঁইৰ উপস্থিতিত হিন্দু সনাতনী ধৰ্ম গ্ৰহণ কৰা এই পৰিয়ালটিয়ে পূৰ্বৰ পৰাই সনাতন হিন্দু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱাৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি-আদৰ্শৰ প্ৰতিও আকৃষ্ট আছিল৷ হিন্দু সনাতনী ধৰ্ম গ্ৰহণ কৰাৰ পূৰ্বে ইছলামধৰ্মী পৰিয়ালটোৰ ৮গৰাকী সদস্যই আনকি আইনী প্ৰক্ৰিয়াৰে তেওঁলোকৰ উপাধি “আলী”ৰ পৰিৱৰ্তে “হাজৰিকা” কৰি লয়৷ হিন্দু ধৰ্ম গ্ৰহণ কৰা পৰিয়ালটি দেওবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক শাখাৰ এগৰাকী সংগী হিচাপেও স্বীকৃতি লাভ কৰে৷
ৰুবুল আলীৰ পৰিয়ালে ইছলাম ধৰ্ম ত্যাগ কৰি আইনীভাৱেও ৰুবুল হাজৰিকালৈ নাম সলনি কৰি হিন্দু ধৰ্ম গ্ৰহণেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীলৈ ৰূপান্তৰ হোৱা খবৰে হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱা বুলিও সৰ্বত্ৰ চৰ্চা অব্যাহত থকা দেখা পোৱা গৈছে৷
উল্লেখ্য যে কালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক সমিতিয়ে আঞ্চলিক কীৰ্তন গৃহত শৰণ শিবিৰ অনুষ্ঠিত কৰি প্ৰায় আঢ়ৈশ যুৱক-যুৱতীক শৰণ দিয়াৰ ব্যৱস্থা কৰিছিল৷